ধুবুৰী চহৰত অবৈধ মদৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ অভিযান

দুৰ্নীতিৰ দৰ্পণ সেৱা , নুৰ ইছলাম সেখ,গৌৰীপুৰ , ১ মাৰ্চঃ ধুবুৰী চহৰত অবৈধ মদৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ অভিযান । অভিযানত বৃহৎ পৰিমানৰ বিদেশী আৰু কেইবাকুইন্টল দেশী সুৰা জব্দ কৰাৰ লগতে বৰ্তমান পৰ্য্যন্ত প্ৰায় ২০ গৰাকী পুৰুষ মহিলাক আটক কৰি আনে ধুবুৰী সদৰ থানালৈ । আৰক্ষীৰ দলটোৱে আজি সন্দিয়াত চহৰখনৰ গাড়ী খানা ৰোড , জি টি বি ৰোড আদিত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ বিলাতী আৰু দেশী সুৰা জব্দ কৰে । জব্দ কৰা সুৰা খিনিৰ মূল্য কেইবালক্ষাধিক টকা হব । সুৰা সমূহ জব্দ কৰাৰ লগতে এই ব্যৱসায়িত জড়িত প্ৰায় ২০ জন লোকক আটক কৰে । আটক কৰা ব্যৱসায়ী কেইজনক বৰ্তমান ধুবুৰী সদৰ থানাত ৰখা হৈছে । এই অভিযান কাৰী দলটোত আছিল ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত),ধুবুৰী চহৰ উপ-পৰিদৰ্শক প্ৰশান্ত দাস , যান বাহন উপ-পৰিদৰ্শক চানক্য দাসৰ লগতে আৰক্ষীৰ এটি বৃহৎ দলে চলাইছিল অভিযান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here