ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত পাৰ্কুপাইনৰ নামত কোটি কোটি টকাৰ অনিয়ম

0
15

ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত পাৰ্কুপাইনৰ নামত কোটি কোটি টকাৰ অনিয়ম

দুৰ্নীতিৰ দৰ্পণ সেৱা , হজৰত আলী , নায়েৰ আলগা , ২৯ জুন ঃ নামনি অসমৰ সীমান্ত জিলা হ’ল ধুবুৰী । উক্ত জিলা পৰিষদত সম্প্ৰতি বিভিন্ন আঁচনিৰ নামত চলিছে বাধাহীন লুটৰাজ । ভয়াবহ বানৰ তাণ্ডৱ লীলাত প্ৰতি বছৰ হেজাৰ হেজাৰ পৰিয়ালক নিস্ব কৰিছে । সৰ্বহাৰা কৰিছে লাখ লাখ লোকক । জিলাৰ বিশেষকৈ মহাবাহু ব্ৰক্ষপুত্ৰৰ দুয়োপাৰৰ,গৌৰাং,টিপকাই আৰু শাখা নদীবোৰ । য’ত প্ৰয়োজন তাত,য’ত প্ৰয়োজন নাই,তাতেই লাখ লাখ টকা আবন্টিত কৰা পৰিলক্ষিত হৈছে । জিলা পৰিষদৰ ছত্ৰ ছায়াত প্ৰায়বোৰ পঞ্চায়ত প্ৰতিনিধি,ব্লকৰ কিছুমান আঞ্চলিক সভাপতিৰ নামত তথ্য ফলক আৰিছে যদিও আচলতে কামৰ গুৰিবটা জিলা পৰিষদৰ হাতৰ কব্জাত । জিলা পৰিষদেই পাৰ্কুৰ খুটি তৈয়াৰৰ,যোগান দিয়াৰ দায়িত্ব লোৱা বুলি জনা গৈছে । অতি নিম্নমানৰ সামগ্ৰী যোগান ধৰি ধন লুটাৰ গোপন প্ৰচেষ্টা কৰিছে । য’ত যিমান পাৰ্কুুৰ তাকে দিয়া হোৱা নাই । নাম মাত্ৰ কেইটামান থিয় কৰিছে,বহু ঠাইত সামগ্ৰীবোৰ পেলাই ৰখা হৈছে । বানপানী অহাৰ আগতেই জহি খহি যাব ধৰিছে । কিছুমান প্ৰতিনিধিয়ে কাম নকৰাৰ সিদ্ধান্ত লৈছে । কাম নকৰাকৈ ইতিমধ্যে বহুতেই বিল দাখিল কৰি ধন লুটৰাজৰ ফন্দি আটিছে । উদাহৰণ হিচাপে বিৰশিং জৰুৱা , মহামায়া আৰু নায়েৰ আলগা উন্ননয়ন খণ্ডই অভিলেখ সৃষ্টি কৰিছে । জৰুৱা উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতিজন বিধায়ক ৱাজেদ আলী চৌধুৰীৰ দলীয় শক্তিশালী কেডাৰ ৰবিয়াল মোল্লা । তেওঁ বিশ লক্ষ্যাধিক টকাৰে নাম মাত্ৰ কাম কৰাত ৰাইজে , পঞ্চায়ত কৰ্মী , সামাজিক সংগঠনে তীব্ৰ অভিযোগ প্ৰকাশ কৰি সামাজিক মাধ্যমৰ জৰিয়তে জিলা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে । বহুতেই তথ্য জনা অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰিছে । জেই সকলোৱে মাত্ৰ লুটৰাজৰ আগবাগ লৈছে । স্থানীয় বিধায়ক সকলোৱে কলা আয়নাৰ চশমাৰে নেদেখাৰ ভাও জুৰিছে । এই ক্ষেত্ৰত অবিভাৱক মন্ত্ৰী ৰনজিত দাসে নিস্ক্ৰিয় ভূমিকা লোৱা বুলি সচেতন মহলে দাবী কৰিছে । উচ্চ স্তৰৰ তদন্ত কৰিলে ৰৌ বৰালি নিশ্চয় ওলাব বুলি ৰাইজৰ ভাষ্য ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here