ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

0
93

ধুবুৰী ভাষানীচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখ , ৩০ জুন : ভাষানীচৰ গাঁও পঞ্চায়তত সভানেত্ৰী হামিদা খাতুনে অনিয়মৰে পাহাৰ গঢ়ি তুলিছে বিগত তিনি বছৰ ধৰি পঞ্চায়ত সভানেত্ৰী গৰাকী । পঞ্চায়ত সভানেত্ৰী গৰাকী পঞ্চায়তৰ ৭ টা ইউনিটৰ সদস্যৰ পৰা ২৫ হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰিছিল পঞ্চায়ত সভানেত্ৰী গৰাকী বিভিন্ন ধৰণৰ কাম দিয়াৰ নামত । আজি ভাষানীচৰ গাঁও পঞ্চায়তত সভানেত্ৰী হামিদা খাতুনে ৭ টা ইউনিটৰ সদস্যৰ লগত সাধাৰণ সভাৰ আয়োজন কৰিছিল । পঞ্চায়ত ইউনিটৰ সদস্য সকলে সভানেত্ৰী হামিদা খাতুনৰ কাষত এমজিএনৰেগা আচঁনিৰ কামৰ হিচাপ চোৱাৰ পিছত সভানেত্ৰী হামিদা খাতুনৰ দেউতা কুদ্দুছ মোল্লাহ গুণ্ডা বাহিনী লগাই পঞ্চায়তৰ সদস্য সকলোক চোকা অস্ত্ৰৰে মাৰ ধৰ কৰি এজন পঞ্চায়তৰ সদস্যক অপহৰণ কৰি লৈ যায় । পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে বিগত তিনি বছৰ ধৰি পঞ্চায়ত খনত কোনো ধৰণৰ কাম কৰা নাই বুলি অভিযোগ । এমজিএনৰেগা আচঁনিৰ ধন আত্মসাৎ কৰি বৃহৎ অট্টালিকাৰ পাহাৰ গঢ়ি তুলিছে বুলিও অভিযোগত প্ৰকাশ । অভিেযোগ মতে , কাগজ কলমে সভানেত্ৰী হামিদা খাতুন , কিন্তু কাম কাজত সভানেত্ৰী গৰাকীৰ দেউতা কুদ্দুছ মোল্লা । আজি পঞ্চায়তৰ সদস্য সকলে সভানেত্ৰী আৰু কুদ্দুছ মোল্লাৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ধুবুৰী জিলা প্ৰশাসনে পঞ্চায়ত সভানেত্ৰী আৰু কুদ্দুছ মোল্লাহ গুণ্ডা বাহিনীৰ বিৰুদ্ধে কি পদক্ষেপ লয় , সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here