ধুবুৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল সুজিৎ সেনগুপ্তাৰ বিৰুদ্ধে দালালৰ দ্বাৰা চৰকাৰী কাম কৰাৰ অভিযোগ

0
152

ধুবুৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল সুজিৎ সেনগুপ্তাৰ বিৰুদ্ধে দালালৰ দ্বাৰা চৰকাৰী কাম কৰাৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিৰ্পটাৰ,ধুবুৰী,৭ মেঃ (দশম প্ৰতিবেদন পৰা) যি সময়ত চৰকাৰে কৰোণা ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে দিন ৰাতি কাম কৰি আছে,তেনেকুৱা সময়ৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল সুজিৎ সেনগুপ্তাৰ বিৰুদ্ধে নিজে চৰকাৰী কাৰ্যালয়ৰ কাম নকৰি পি এ(দালাল) নিয়োগ কৰি চৰকাৰী কাম কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে,ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডল সুজিৎ সেনগুপ্তাই সাধাৰণ ৰাইজৰ নিয়ম অনুসৰি কাম এটি কৰি দিয়াৰ পৰিৱৰ্তে নিজৰ ঘৰত বহি থাকি চৰকাৰী দৰমহা ভোগ কৰি পি এ(দালাল) লগাই চৰকাৰী কাম কৰাৰ অভিযোগ উঠিছে । অভিযোগ মতে,সুজিৎ সেনগুপ্তাই কিছুদিন আগত ধুবুৰীৰ সেনপাৰাত নিজেই অবৈধভাৱে চৰকাৰী কাৰ্যালয় বনাই উক্ত ঠাইত সকলো চৰকাৰী নথিপত্ৰৰ সৈতে কাম চলাই থকাৰ উপৰওি দালালৰ দ্বাৰা কাম কৰি থকাৰ অভিযোগ উঠিছে । লাট মণ্ডল সুজিৎ সেনগুপ্তাই মঞ্জু নাম এক দালালৰ দ্বাৰা চৰকাৰী কাম কৰাৰ অভিযোগ । বাতৰিত ব্যৱহাৰ কৰা দৃশ্য প্ৰমাণ হিচাবে ছবিত লাট মণ্ডল সুজিৎ সেনগুপ্তাৰ পি এ(দালাল) মঞ্জুৰ দৃশ্য দেখুওৱা হৈছে । মনকৰিবলগীয়া বিষয় হৈছে যে,ৰাজহ চক্ৰ বিষয়া বাইদেউয়ে বৰ্তমান কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে নৰম স্থিতি দেখুৱাৰ বাবেই আকৌ দালালৰ দপদপনি বৃদ্ধি পাইছে । চৰাকাৰী কাৰ্যালয়ত চৰকাৰীভাৱে প্ৰদীপ নামৰ কৰ্মচাৰী থকা স্বত্তেও বেচৰকাৰীভাৱে কম্পিউটাৰ মেন ৰখাৰ উপৰিও দালালৰ দ্বাৰা কেনেকৈ চৰকাৰী নথিপত্ৰৰ সকলো কাম কৰাৰ সুবিধা কৰি দিব পাৰে ,সেয়াই লাখটকীয়া প্ৰশ্নৰ সৃষ্টি হৈছে । পৰৱৰৰ্তী সময়ত ধুবুৰী জিলা উপায়ুক্তই কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে,সেয়াই লক্ষ্যনীয় বিষয় হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here