নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পৰ্য্যালোচনা বৈঠক , ক’ভিড-১৯ আৰু জল-জীৱন মিছনৰ প্ৰকল্পৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

1
20

নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পৰ্য্যালোচনা বৈঠক , ক’ভিড-১৯ আৰু জল-জীৱন মিছনৰ প্ৰকল্পৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও, ৩ জুলাইঃ নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত আজি নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ , তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সমূহৰ লগত এক পৰ্যালোচনা সভাত মিলিত হয় । মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বৰ্তমান ক’ভিড পৰিস্থিতিৰ বুজ লয় । ক’ভিড ভেকচিন প্ৰদানৰ লগতে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষকৈ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা ৰেড জ’ন সমূহত ক’ভিডৰ পৰীক্ষা তীব্রতৰ কৰি তুলিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে । প্ৰয়োজন সাপেক্ষে অধিক ক’ভিড আক্ৰান্ত অঞ্চল সমূহত আইন-শৃংখলাৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ জিলা আৰক্ষী অধীক্ষক গৰাকীক নিৰ্দেশ দিয়ে । জিলাখনৰ অধিক ক’ভিড আক্ৰান্ত ৰোগী থকা অঞ্চল ৰহাত ক’ভিড পৰীক্ষা আৰু ক্ষীপ্ৰতৰ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে । লগতে তেওঁ নিজে এই ব্যৱস্থাৰ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে । মন্ত্ৰীজনে এই পৰ্যালোচনা সভাতে জিলাখনত চলি থকা জল-জীৱন মিছনৰ প্ৰকল্প সমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় । লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলক তেওঁলোকৰ ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে । ইপিনে , মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে একেলগে চাইকেল চলাই থকা এখন ফটো সাংবাদিক মাধ্যমত ভাইৰেল হোৱাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন সোধাত মন্ত্ৰীজনে কয় যে-‘এম এল এ হোষ্টেলৰ ভিতৰত কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ বুলি কোনো কথা নাই ।’ অৱশ্যে মন্ত্ৰী হাজৰিকাই কংগ্ৰেছৰ বহুকেইজন বিধায়ক তথা নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিবলৈ কথা পাতি আছে বুলি বিজেপি সভাপতি ভবেশ কলিতাই কৰা মন্তব্য সম্পৰ্কত সাংবাদিকে উনুকিয়াই দিয়াত এই সম্পৰ্কত মন্তব্য কৰাৰ পৰা বিৰত থাকে । ইপিনে , ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ বান পৰিস্থিতিৰ সম্পৰ্কত তেওঁ কয় যে-কাজিৰঙাৰ পাৰিপাৰ্শ্বিক অৱস্থাই বান পানী হোৱাটো বিচাৰে। কিন্তু কাজিৰঙাৰ কেইটামান স্থানত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব । কিন্তু কাজিৰঙাত বান পানী বন্ধ কৰা উচিত নহব ।’ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক সমালোচনা কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে-কোনো নতুন বিধায়কে আৱাস গৃহ অধিগ্ৰহণ কৰিব পৰা নাই । কাৰণ অধিকাংশ আবাসগৃহৰে মেৰামতিৰ কাম চলি আছে । এনে অৱস্থাত অন্য বিধায়ক সকলে আবাসগৃহ বিচাৰি কোনো ধৰণৰ অভিযোগ কৰা নাই । অখিল গগৈয়ে কিয় হুলস্থুল কৰিছে বুজিব পৰা নাই । তেওঁ হয়তো নিজকে অন্য বিধায়ক সকলতকৈ বিশেষ বিধায়ক বুলি ভাবিছে ।’ মন্ত্ৰী হাজৰিকাই লগতে কয় যে-‘২০১১ চনত ৰহা বিধান সভা সমষ্টিৰৰ পৰা মই প্ৰতিদ্বন্দিতা কৰোতে মোক পৰাজিত কৰিবলৈ অখিল গগৈয়ে আপ্ৰাণ চেষ্টা কৰিছিল । একেদৰে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জাগীৰোড সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দিতা কৰোতেও মোক পৰাজিত কৰিবলৈ অখিল গগৈয়ে সভা,সংবাদ মেল আদি অনুষ্ঠিত কৰিছিল । কিন্তু নোৱাৰিলে । সেই সময়ত তেওঁৰ ওচৰত মই গুৰুত্বপূৰ্ণ মানুহ আছিলো । আজি গুৰুত্বহীন হলো । তেওঁ কথাবোৰ পাহৰি যায় ।’ উল্লেখযোগ্য যে-আজিৰ এই পৰ্যালোচনা সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী , জিলাখনৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।

1 COMMENT

  1. fantastic post, very informative. I ponder why the opposite specialists of this sector do not understand this.
    You must proceed your writing. I am sure, you have a huge readers’
    base already!

LEAVE A REPLY

Please enter your comment!
Please enter your name here