নগাঁও বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

0
12

নগাঁও বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ৫ মে : নগাঁও জিলাৰ সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে আজি বিয়লি জিলাখনৰ ৰূপহীহাট অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , ৰূপহীহাটৰ গেৰেকী অঞ্চলৰ নুৰুল ইছলাম নামৰ লোকজনে দীৰ্ঘদিনৰ পৰা অতি নিৰ্বিঘ্নে এটা অবৈধ কাঠ ফলা মিল চলাই কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যহত ৰাখিছিল । এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি বন বিভাগৰ দলটোৱে অভিযান চলাই কাঠ মিলটোৰ লগতে এটা ডিজেল জেনেৰেটৰ ছেট জব্দ কৰি নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে । অভিযানৰ সময়ত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যদিও মিলটোৰ গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি বন বিভাগৰ দলটোৱে জানিবলৈ দিয়ে । আজিৰ অভিযানত বনপালক ক্ৰমে প্ৰভাত বৰা আৰু সম্পূৰ্ণা দাস বৰাইও সহযোগ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here