নগাঁৱত বুজন পৰিমাণৰ নকল নোট জব্দ , নগা যুৱতী সহ তিনিজনক গ্ৰেপ্তাৰ

0
6

নগাঁৱত বুজন পৰিমাণৰ নকল নোট জব্দ , নগা যুৱতী সহ তিনিজনক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাওঁ , ১১ জুন : নগাওঁ সদৰ থানাৰ আৰক্ষীয়ে আজি নিশা অভিযান চলাই বুজন পৰিমাণৰ নকল নোট জব্দ কৰাৰ লগতে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নগাওঁ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্ত , নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুণ্ডল ৰবি দাস আৰু মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা মৰিকলঙৰ এটা ভাড়াঘৰৰ পৰা এই বুজন পৰিমাণৰ নকল নোট জব্দ কৰাৰ লগতে এগৰাকী নগা যুৱতী সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হল-নগাওঁ সদৰ থানাৰ অন্তৰ্গত ছিলঙনীৰ দিলদাৰ হুছেইন,চাকিব আলম চৌধুৰী আৰু নাগালেণ্ডৰ টুৱেন চাঙৰ যুৱতী লিখুমলা । উল্লেখ্য যে , এই লোক কেইজনে মৰিকলঙত বাহৰ পাতি নকল নোটৰ ব্যৱসায় কৰি আহিছিল । আৰক্ষী সূত্ৰে জানিব পৰা মতে , ধৃত এই লোক কেইজনে উক্ত বুজন পৰিমাণৰ নোট খনি অৰুনাচল ইটানগৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here