নগাঁৱত সাংসদ কভিড সেৱা কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ , হয়বৰগাৱঁৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত মাস্ক ছেনিটাইজাৰ বিতৰণ

0
6

নগাঁৱত সাংসদ কভিড সেৱা কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ , হয়বৰগাৱঁৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত মাস্ক ছেনিটাইজাৰ বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ১১ জুনঃ সাংসদ কভিড সেৱা কেন্দ্ৰ নগাঁৱৰ সদস্য সকলক লগত লৈ আজি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হয় নগাঁও চহৰৰ হয়বৰগাঁও ব্যৱসায়ী সকলৰ ওচৰত । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে চহৰ খনৰ হয়বৰগাওঁ থানাৰ সমীপত ব্যৱসায়ীক এলেকাত উপস্থিত হৈ কভিডৰ ভয়াৱহতাৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ মাইকযোগে ৰাইজক সতৰ্কবাণী প্ৰদানৰ লগতে সকলো ৰাইজকে চৰকাৰী কভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনায় । ইয়াৰ পাছতে তেওঁ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত উপস্থিত হৈ কভিড সম্পৰ্কে সজাগতা কৰাৰ লগতে ব্যৱসায়ী সকলৰ মাজত মাক্স চেনিটাইজাৰ , ফেছ ছিল্ড আদি বিতৰণ কৰে । সাংসদ গৰাকীয়ে হয়বৰগাওঁ অঞ্চলত পথত লগ পোৱা একাংশ শাৰীৰিকভাৱে অক্ষম লোকক নিজে মাস্ক পিন্ধাই দি নিজৰ মহানুভৱতাৰ পৰিচয়ৰ দিয়ে । সাংসদ কভিড সেৱা কেন্দ্ৰৰ সদস্য সকলে ব্যৱসায়ী প্ৰতিষ্ঠান বিলাকত ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰে । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমৰ জড়িয়তে অসম চৰকাৰক ১৮ ৰ পৰা ৪৪ বয়সৰ লোকৰ কভিড টিকাকৰণৰ ক্ষীপ্ৰ গতিত ব্যৱস্থা কৰিবলৈও আহ্বান জনায় । উল্লেখ্য যে , সাংসদ প্ৰদ্যুৎ বৰদলৈৰ একক প্ৰচেষ্টাত নগাঁৱত চলি থকা সাংসদ কভিড সেৱা কেন্দ্ৰই নগাঁও সাংসদীয় এলেকাৰ কভিড আক্ৰান্ত লোকক আৰু হোম আইছ’লেচনত থকা লোকক প্ৰয়োজনীয় ঔষধ,খাদ্য সামগ্ৰী,অক্সিজেন আদি যোগান ধৰি আহিছে । ঘৰতে চিকিৎসাধীন হৈ থকা কভিড ৰোগী সকলৰ যদি অক্সিজেনৰ মাত্ৰা কমি যায় , তেনে ৰোগীক ততাতৈয়াকৈ এম্বুলেঞ্চৰ সহায়ত ৰোগী সকলক কভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰো ব্যৱস্থা কৰাৰ লগতে কোনো কভিড ৰোগীয়ে দূৰ্ভাগ্যবশতঃ মৃত্যু হলে চৰকাৰী কভিড প্ৰ’টকল অনুসৰি অন্তিম সংস্কাৰৰ ক্ষেত্ৰতো সহায় কৰি আহিছে সাংসদ কভিড সেৱা কেন্দ্ৰই । ইয়াৰ বাবে ইতিপূৰ্বেই সাংসদ সেৱা কেন্দ্ৰই ৬৯০০৭৪৭৬৮০, ৬৯০০৭৪৭৬৩০ নম্বৰৰ হেল্পলাইন নম্বৰো মুকলি কৰিছে । ইতিমধ্যে এই সাংসদ সেৱা কেন্দ্ৰৰ জড়িয়তে বহু কভিড ৰোগীয়ে সহায় লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here