নাজিৰাত এগৰাকী ষাঠী বছৰীয়া বৃদ্ধৰ জীৱনলৈ লকডাউনৰ বাবে কাল অমানিশা নামি আহিছে

0
21

নাজিৰাত এগৰাকী ষাঠী বছৰীয়া বৃদ্ধৰ জীৱনলৈ লকডাউনৰ বাবে কাল অমানিশা নামি আহিছে

দুৰ্নীতিৰ দৰ্পণ সেৱা, নাজিৰা , নয়নমণি ফুকন , ৩০ জুনঃ কাল ক’ৰনাৰ বাবে হোৱা লকডাউনে সলনি কৰিলে নাজিৰাৰ এগৰাকী ষাঠী বছৰীয়া বৃদ্ধৰ জীৱনৰ চক্ৰ , ৰিক্সাৰ চকা নোঘূৰি , ঘূৰিল কেৱল কাল অন্ধকাৰত অমানিশাৰ পাক চক্ৰ । বিৰাল্লিছ টা বছৰে ৰিক্সা চলোৱা নাজিৰাৰ ষাঠী বছৰীয়া এজন বৃদ্ধ । লক ডাউনৰ বাবেই উপাৰ্জনৰ পথ হেৰুৱাই মানসিক ভাৰসাম্য হেৰুৱালে নাজিৰাৰ এজন ৰিক্সা চালকে ।থাকিবলৈ নাই বাসস্থান , খাবলৈ নাই অন্ন , পিন্ধিবলৈও নাই বস্ত্ৰ ৰিক্সাচালক জনৰ । জৰাজীৰ্ণ বাসগৃহত আশ্ৰয় ৰিক্সা চালকজনৰ । নাজিৰাৰ লিগিৰীপুখুৰী নগাগাঁৱৰ এজন ষাঠী বছৰীয়া বৃদ্ধ । তেওঁৰ নাম ধেপকা গুচাই । ধেপকা গুচাই আছিল এজন ৰিক্সাচালক । বিৰাল্লিছটা বছৰে ৰিক্সা চলাই দুবেলা দুমুঠি অন্ন যোগাৰ কৰি নিজৰ পৰিয়াল পোহপাল দিছিল ধেপকা গুচাই নামৰ এইজন বৃদ্ধই । বিৰাল্লিছটা বছৰে ৰিক্সা চলাই জীৱন কটাই নিজৰ পৰিয়াল পোহপাল দিছিল ধেপকা গুচাইয়ে । কিন্তু কাল কৰোনাই যেন বিপদ নমাই আনিলে বিৰাল্লিছটা বছৰে ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া ষাঠী বছৰীয়া ধেপকা গুচাইৰ জীৱনলৈ । গৰু গোহালি সদৃশ গৃহত আশ্ৰয় লৈছে এতিয়া ধেপকা গুচাইয়ে । কৰোনাৰ ফলশ্ৰুতিত ৰাজ্যত ঘোষিত লকডাউন/মিনি লকডাউনৰ বাবেই ৰিক্সা চলাই ভাড়া নোপোৱাৰ বাবেই উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল ষাঠী বছৰীয়া ৰিক্সা চালক ধেপকা গুচাই । উপাৰ্জনৰ পথ বন্ধ হোৱাৰ লগে লগেই ধেপকা গুচাইয়ে হেৰুৱাই পেলালে মানসিক ভাৰসাম্য , ফলত তেওঁ স্মৃতি শক্তি হ্ৰাস পোৱাত বস্ত্ৰ পৰিধান নকৰাকৈ মাজে সময়ে ঘূৰি ফুৰে ৰাস্তাই ৰাস্তাই । ধেপকা গুচাইৰ যেন বৰ্তমান নাই আশ্ৰয়ৰ সুব্যৱস্থা , শৌচলায়ৰো নাই সু ব্যৱস্থা , দুবেলা-দুমুঠি অন্নৰ যোগান ধৰিবলৈও কষ্টকৰ এতিয়া ধেপকা গুচাইৰ । ধেপকা গুচাইৰ ঘৰৰ বাঁহৰ বেৰ বোৰো জহি-খহি গৈছে । ধেপকা গুচাই থকা বাসগৃহতো যেন এক গৰু গোহালি সদৃশ । ধেপকা গুচাইৰ দুই পুত্ৰ কৰ্ম সূত্ৰে ঘৰৰ বাহিৰত থাকে যদিও বৰপুত্ৰই মাজে সময়ে চোৱা-চিতা কৰেহি পিতৃ ধেপকা গুচাইক । কিন্তু দুই পুত্ৰৰ উৰ্পাজনো নিচেই সীমিত । বৰপুত্ৰ , স্থানীয় ৰাইজৰ ৰাজ্য চৰকাৰ , বিভিন্ন দল-সংগঠনলৈ এটাই আহ্বান ধেপকা গুচাইক সহায়ৰ হাত আগবঢ়াবলৈ , থাকিবলৈ আশ্ৰয়ৰ সু ব্যৱস্থা কৰাৰ লগতে ধেপকা গুচাইক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিবলৈ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here