নৱ নিযুক্ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীৰ , কোচ-ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যা শীঘ্ৰে সমাধানৰ দাবী

0
34

নৱ নিযুক্ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীৰ , কোচ-ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যা শীঘ্ৰে সমাধানৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৰুহুল আমিন সেখ , তামাৰহাট, ১৬ মেঃ অসমৰ নৱ নিযুক্ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক অভিনন্দন তথা উষ্ম আদৰণি জনাইছে অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীয়ে। লগতে কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ জলন্ত সমস্যা সমুহ অতি শীঘ্ৰে সমাধান কৰিবলৈও দাবী জনাইছে সন্মিলনীৰ নেতৃবৃন্দই । অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীৰ সভাপতি সুৰথ চন্দ্ৰ ৰায়ে আজি এক প্ৰেছ বিবৃতি যোগে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে । প্ৰেছ বিবৃতি খনত অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীৰ নেতৃবৃন্দই মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিত এগৰাকী উজ্বল নক্ষত্ৰ বুলি উচ্চ প্ৰসংশা কৰি উল্লেখ কৰে যে , তেওঁ যিদৰে এগৰাকী দক্ষ ৰাজনীতিক,প্ৰত্যুৎপন্নমতি সম্পন্ন ব্যাক্তি আৰু সুবক্তা , ঠিক তেনেদৰে তেওঁ এগৰাকী দক্ষ সুনিপুন নেতাও । ড০ হিমন্তবিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰ নিৰিক্ষণ আৰু ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ওপৰত যি গুৰত্ব দিয়াৰ কথা ঘোঁষণা কৰিছে , সেই ঘোষণা অনতি পলমে কাৰ্য্যকৰী কৰণ কৰিবলৈ অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীয়ে দাবী জনাইছে। ইয়াৰ উপৰি বিগত বিধান সভা নিৰ্বাচনৰ আগে আগে প্ৰতিশ্ৰুতি দিয়া মতে কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালিন পৰিষদ খনৰ আঁসোৱাহ বোৰ দূৰ কৰি পৰিষদৰ পাৰিষদ সকলোৰ শপত গ্ৰহণ কৰোৱাই পৰিষদ খনৰ আন্ত:গাথনি সম্পূৰ্ণ কৰি তুলিবলৈ একে খন প্ৰেছ বিবৃতি যোগে দাবী জনাইছে অবিভক্ত গোৱালপাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here