পশ্চিম বংগৰ শৰণাৰ্থীৰ কাষত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , ৭০০০ বছৰীয়া খিলঞ্জীয়াক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা গ্ৰহণযোগ্য নহয়ঃ বসুমতাৰী

0
8

পশ্চিম বংগৰ শৰণাৰ্থীৰ কাষত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , ৭০০০ বছৰীয়া খিলঞ্জীয়াক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চেষ্টা গ্ৰহণযোগ্য নহয়ঃ বসুমতাৰী

দুৰ্নীতিৰ দৰ্পণ সেৱামিজানুৰ ৰহমান, গোসাঁইগাঁও,৭ মেঃ সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ পাছতেই পশ্চিম বংগত দলগতভাৱে ৰাজনৈতিক হিংসাৰ বলি হৈ বিগত কেইবাদিন ধৰি অসম বংগ সীমান্তৰ বিভিন্ন অঞ্চলৰ লগতে গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আশ্ৰয় লোৱা পশ্চিমবংগৰ বিজেপি দলৰ সমৰ্থকসকলৰ শুক্ৰবাৰে পৰিস্থিতিৰ বুজ লয় বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেঙা । শুক্ৰবাৰে পুৱা ১০ বজা মানত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত শ্ৰীৰামপুৰস্থিত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ভাষা এমই স্কুলত আয়োজিত আশ্ৰয় শিবিৰত কাৰ্যবাহী সদস্যগৰাকীয়ে উপস্থিত হৈ তাত থকা প্ৰায় নব্বৈ সংখ্যক লোকসকলৰ সৈতে তেওঁ মত বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে উৰ্ধতম কৃতৃপক্ষৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ শিবিৰৰ শৰণাৰ্থী লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে চাউল,ডাইল,পানীৰ বটল,বিস্কুট আদি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ শৰণাৰ্থীসকলক যিকোনো প্ৰকাৰৰ সহায়ৰ আশ্বাসও দিয়ে ৷ তেওঁ কয় যে , গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ভোট দান কৰা লোকসকলক হাৰাশাস্তি দিয়া ঘটনা অতি দুৰ্ভাগ্যজনক ৷ তেওঁ উল্লেখ কৰে যে , পশ্চিম বংগৰ সাত হেজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ বংশধৰ কোচ ৰাজবংশী,ৰাভা,হিন্দু আদি লোকসকলক নিজ গৃহৰ পৰা খেদি পঠিওৱা,ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ চেষ্টা কৰা আদি কোনো প্ৰকাৰে গ্ৰহণযোগ্য হব নোৱাৰে । আমাক অন্ততঃ মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক । তেওঁ আৰু কয় যে , এই বিষয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হৈছে । তেওঁলোকে নিশ্চয় ইয়াৰ এক সুব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে । উক্ত মত বিনিময় অনুষ্ঠানত ইউপিপিএল দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰীও উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here