পুনৰ প্ৰতিবাদমুখৰ বাঘজানবাসী , বাঘজান ইপিএচৰ সন্মুখত উত্তাল পৰিবেশ

0
5

পুনৰ প্ৰতিবাদমুখৰ বাঘজানবাসী , বাঘজান ইপিএচৰ সন্মুখত উত্তাল পৰিবেশ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া,১১ জুলাইঃ তিনিচুকীয়া জিলাৰ বাঘজান ইপিএচৰ সন্মুখত আজি বাঘজান-দীঘলটৰংবাসীয়ে উপযুক্ত ক্ষতিপূৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে । বৰ্তমান সমগ্ৰ ৰাজ্যতে ক’ভিড মহামাৰীৰ প্ৰভাৱ অব্যাহত আছে । তেনে সময়তে আজি বাঘজান-দীঘলটৰংবাসীৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত ১ নং বাঘজান গাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাঘজান ইপিএচলৈ পদযাত্ৰা কৰি ইপিএচৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী পালন কৰে । তাৎপৰ্যপূৰ্ণ যে , যোৱা বছৰ ২৭ মে’ তাৰিখে বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণৰ নোপোৱাৰ দাবীত এই বিশাল ধৰ্ণা কাৰ্যসূচী পালন কৰে।প্ৰতিবাদীকাৰী সকলে অহা ১৪ তাৰিখৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলৰ দাবী মানি নললে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে । দাবীসমূহ নিৰ্দিষ্ট দিনৰ ভিতৰত পূৰণ নহলে বাঘজান অঞ্চলত অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ তথা উৎপাদন সম্পূৰ্ণ বন্ধ কৰিব বুলি প্ৰতিবাদীকাৰী সকলে অইল কৰ্তৃপক্ষক সকীয়াই দিয়ে । উল্লেখযোগ্য যে ,জৰীপ কৰা এক তথ্য অনুসৰি বাঘজান কাণ্ডত প্ৰায় ১৬০০ টা পৰিয়ালৰ ক্ষতি হৈছিল । ইয়াৰ ভিতৰত কেৱল ৬১২ টা পৰিয়ালেহে ক্ষতিপূৰণৰ নামত আগধন হিচাপে কিছু টকা পাবলৈ সক্ষম হ’ল । কিন্তু বাকী প্ৰায় ১০০০ পৰিয়ালক ক্ষতিপূৰণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে বাঘজান দীঘলটৰংবাসীয়ে বাৰংবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে । বিগত সময়চোৱাত ক্ষতিপূৰণৰ বাবে দাবী জনায় আহিছে যদিও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই বুলি প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here