পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জিলা কংগ্ৰেছৰ ধৰ্না

0
6

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ জিলা কংগ্ৰেছৰ ধৰ্না

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৱাহিদুদ জামান,নগাঁও, ১১ জুনঃ ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল,ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা , সাংসদ প্ৰদ্যুৎ বৰদলৈ , প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,দুই বিধায়ক শশীকান্ত দাস,শিবামনি বৰাকে ধৰি কেবাগৰাকী কংগ্ৰেছ নেতাই অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক,অসম চৰকাৰ হুচিয়াৰ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলে পেট্ৰল,ডিজেলৰ মূল্য দিনে দিনে বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে পেট্ৰল,ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here