বঢ়মপুৰ সমষ্টিৰ চলচলি মুছলিম গাঁও আৰু চাপানালা সংযোগী পথৰ দুৰাৱস্থা ,”৩৫ বছৰে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক”

0
7

বঢ়মপুৰ সমষ্টিৰ চলচলি মুছলিম গাঁও আৰু চাপানালা সংযোগী পথৰ দুৰাৱস্থা ,”৩৫ বছৰে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক”

অভিজিত বৰা,দুৰ্নীতিৰ দৰ্পণ সেৱা , চামগুৰি, ১১ জুন : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মুছলিম গাঁও তিনিআলিৰ পৰা চাপানালা সংযোগী লোকনিৰ্মাণ বিভাগৰ অধীনত এটা বিধস্ত গ্ৰাম্য পথে ৩৫ বছৰে জ্বলা-কলা খোৱাইছে ৰাইজক । বিগত কংগ্ৰেছ চৰকাৰ তথা বিজেপি চৰকাৰৰ দিনতো আজি পৰ্যন্ত পকীকৰণ নহ’ল এই লোকনিৰ্মান বিভাগৰ অধীনৰ এই মূল পথছোৱা । পথছোৱাৰ মাজত পুখুৰী সদৃশ প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত । বাৰিষাৰ দিনত পথটোৰ ওপৰেৰে পানী বৈ যোৱাৰ লগতে এজাক বৰষুণ দিলেই পথাৰত কঠিয়া পেলায় ভূঁই ৰুব পৰা অৱস্থালৈ পৰিণত হয় ৷ আনহাতে,বাৰিষা কালতো পথটোৰ ওপৰেৰে পানী বৈ যোৱাৰ বাবেই পথটো যাতায়তৰ অনুপযোগী হৈ পৰে । এই বিধস্ত পথটোৰে প্ৰায় আঠ-দহখন গাঁৱৰ ৰাইজে যাতায়ত কৰি আহিছে ৷ বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়-মহাবিদ্যালয় ছাত্র-ছাত্রী,চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী-ব্যৱসায়ী আৰু সাধাৰণ ৰাইজে জৰাজীৰ্ণ পথটোৰে দীৰ্ঘদিন ধৰি চৰম দুৰ্ভোগ ভুগি যাতায়ত কৰি আহিছে । উল্লেখযোগ্য যে , অঞ্চলটোৰ ৰাইজে বিগত প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত সমষ্টিটোৰ বিধায়ক হৈ থকাৰ সময়তো বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছত পথছোৱাৰ মাজত থকা এখন ফুড ব্ৰীজ নিৰ্মাণ কৰিছিল যদিও অহা-যোৱা কৰা পথটোত মাত্র কেইটামান শিলগুটি পেলায় মেৰামতি কৰি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । কিন্তু কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা লোক সকলৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰো । স্থানীয় ৰাইজে নৱনিৰ্বাচিত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা ড০ হিমন্তবিশ্ব শৰ্মাক এই পথছোৱা অতি সোনকালে মেৰামতি কৰি ৰাইজক সকাহ দিবৰ বাবে আহ্বান জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here