বাক্সা জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ “মিছন আৰোগ্য অভিযান” আৰম্ভ

5
24

বাক্সা জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ “মিছন আৰোগ্য অভিযান” আৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , তামুলপুৰ , ১১ জুনঃ ক’ভিড-১৯ অতিমাৰীৰ ভয়াবহতাৰ প্ৰতি জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দ্যেশ্যেৰে বাক্সা জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বাক্সা জিলাৰ তামুলপুৰ,কুমাৰীকাটা,নাগ্ৰীজুলি,বৰমা,মুছলপুৰ,নিকাছি,জালাহ আৰু গোৰেশ্বৰ-এই আটাইকেইটা শাখাৰ অন্তৰ্গত বিভিন্ন ঠাইত আজিৰে পৰা “মিছন আৰোগ্য অভিযান “শীৰ্ষক এক সজাগতা মিছন আৰম্ভ কৰে । বাক্সা জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত কুমাৰীকাটা আৰু তামুলপুৰ শাখাৰ সহযোগত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কুমাৰীকাটা শাখাৰ অন্তৰ্গত মেছগুৰিত” মিছন আৰোগ্য অভিযান”ৰ শুভাৰম্ভ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বাক্সা জিলাৰ সংযোজক ভাস্কৰ জ্যোতি কলিতাই । মিছন আৰোগ্য অভিযানৰ শুভাৰম্ভ কৰি আজি পুৱা ১১ বজাত বাক্সা জিলা সংযোজক গৰাকীয়ে কয়-কভিড-১৯ অতিমাৰীৰ ভয়াবহতাৰ পৰা এই অভিযানৰ জৰিয়তে সজাগ সচেতন কৰাৰ উপৰিও ৰাইজৰ অক্সিজেন স্তৰ,উষ্ণতা আদি পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কভিড-১৯ অতিমাৰীৰ বিষয়ে ৰাইজক সজাগ সচেতন কৰাৰ উদ্দেশ্যে কিছু গুৰুত্বপূৰ্ণ বক্তব্যও প্ৰদান কৰে বাক্সা জিলা বিদ্যাৰ্থী পৰিষদৰ সংযোজক গৰাকীয়ে । এই অনুষ্ঠানতে মেছগুৰি গাঁৱৰ পুৰুষ-মহিলাৰ উপৰিও কিছুসংখ্যক বাটৰুৱাক চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয় । কুমাৰীকাটা আৰক্ষী চকী , ১ নং পূৱ কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ হৰি বিশ্বাস আৰু ১ নং পূৱ কুমাৰীকাটা ভিচিডিচিৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি নেতা আলাউদ্দিন আহমেদৰ বিশেষ সহযোগত আৰম্ভ হোৱা আজিৰ “মিছন আৰোগ্য অভিযানৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি সকলো প্ৰকাৰে সহায়-সহযোগ কৰে বাক্সা জিলা সামাজিক মাধ্যম প্ৰমুখ সিদ্ধাৰ্থ মহন্ত,তামুলপুৰ শাখাৰ সামাজিক মাধ্যম প্ৰমুখ হাৰিমু বড়ো,প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক জ্যোতিপ্ৰসাদ দাস , কুমাৰীকাটা শাখাৰ সম্পাদক গগণ পাঠক প্ৰমুখ্যে কুমাৰীকাটা শাখাৰ কাৰ্যকৰ্তা সকলে ।

5 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here