বাঘবৰত থকা বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ

0
11

বাঘবৰত থকা বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ সেৱা, ১২ জুন: ৰাজ্য চৰকাৰে ৰাজহুৱা ভূমি বেদখলমুক্ত কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই বৰপেটা সত্ৰৰ সকলো ভূমি বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ লবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ। বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালক সাক্ষাৎ কৰি এই আহ্বান জনায় ৷ বিশেষকৈ বৰপেটা সত্ৰৰ ভূমিত গঢ় লৈ উঠা বাঘবৰ সমষ্টিৰ মন্দিয়া বজাৰ, মন্দিয়া পাৰঘাট আদি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক ব্যৱস্থা লবলৈ আহ্বান জনালে কালি বুঢ়াসত্ৰীয়া বাপজনাই ৷ শংকৰ-মাধৱ গুৰুদুজনাৰ শিষ্য প্ৰশিষ্যসকলে বাঘবৰ সমষ্টিৰ পূৰ্বৰ খিলঞ্জীয়া অসমীয়া বসতিপ্ৰধান গাও সমুহত স্থাপন কৰা সত্ৰ সমুহ কালৰ সোঁতত বিলীন হৈ যোৱাৰ পিচত উক্ত সত্ৰ আৰু ঐতিহ্যহাসিক খিলঞ্জীয়া গাওসমুহৰ ভূমিসমুহ বৰপেটা সত্ৰৰ নামত আগবঢ়াবলৈকো ৰাজ্য চৰকাৰলৈ আহ্বান বুঢ়াসত্ৰীয়া বাপজনাৰ ৷ বিশেষকৈ মাধৱদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ নেতৃত্বত কনৰা সত্ৰকে মুখ্য কৰি চচৰা, লেহী দঙৰা, পালাৰপাম, দিঘীৰ পাম, ৰাণীৰ পাম, সাৰ গাওঁ আদিকে ধৰি বাঘবৰৰ প্ৰায় ৪০ খন সত্ৰ আৰু পূৰ্বৰ খিলঞ্জীয়া অসমীয়া লোকৰ বসতিপ্ৰধান গাওসমুহৰ মাটিসমুহ উদ্ধাৰ কৰি বৰপেটা সত্ৰৰ নামত এলট কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ দাবী জনায় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ উল্লেখ্য যে, ভূমিকম্প, বান, মহামাৰী আদিৰ লগতে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বাবে বাঘবৰৰ খিলঞ্জীয়া বসতিপ্ৰধান গাও আৰু সত্ৰ সমুহৰ পৰা একালত অসমীয়া মানুহবোৰ আতৰি আহিবলগীয়া হৈছিল সম্প্ৰতি প্ৰায় ৯৫ শতাংশ পূৰ্ববংগীয় লোকৰ বসতি প্ৰধান বাঘবৰৰ পূৰ্বৰ সত্ৰৰ নামত থকা ভূমিসমুহ উদ্ধাৰৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বাপজনাই জনোৱা দাবী বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ বিশেষকৈ ৰাজ্যখনত অবৈধ ভূমি বেদখল উচ্চেদৰ ক্ষেত্ৰত ৰাদ্য চৰকাৰৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি অহা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বাঘবৰ সমষ্টিৰ পূৰ্বৰ সত্ৰসমুহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বাপজনাই জনোৱী দাবীয়ে বিশেষ গুৰুত্ব লাভ কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here