বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ , কেইবাখন গাৱৰ যোগাযোগ বিচ্ছিন্ন

0
17

বানে ছিঙিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ , কেইবাখন গাৱৰ যোগাযোগ বিচ্ছিন্ন

ষ্টাফ ৰিপʼৰ্টাৰ , ৰঙিয়া , ১০ জুনঃ যোৱা কিছুদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত বৰষুণৰ বাঢ়নি পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথৰ একাংশ উটুৱাই নিয়ে । ৰঙিয়াৰ সমীপৱৰ্তী বাক্সা জিলাৰ ধেপাৰগাৱত বৰষুণৰ পানীয়ে উটুৱাই নিয়ে পথটোৰ একাংশ । যাৰ ফলত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে । পথটোৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে । ৰাইজে ততাতৈয়াকৈ এখন বাহৰ সাকো নিৰ্মাণ কৰি বৰ্তমান এই পথটোৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে । উল্লেখযোগ্য যে , এই পথচোৱাই হʼল কাউৰবাহা , মাদৈকাটা , গান্ধীবাৰী , লতিবাৰী আদি অঞ্চলৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথ । ৰাইজৰ অভিযোগ , ঠিকাদাৰে অবিজ্ঞান সন্মত ভাৱে অতি নিন্মমানৰ কাম কৰি যোৱাৰ ফলতেই এইদৰে বৰষুণৰ পানীত পথচোৱা উটি গৈছে । বৰ্তমান কʼভিদ সৃষ্ট পৰিবেশ ,ইয়াকেলৈ ৰাইজ এতিয়া শংকাত ভুগিছে । কিয়নো , স্বাস্থ্য সেৱাকে আদি কৰি যিকোনো জৰুৰীকালীন সেৱা তেওঁলোকে সহজতে নাপাব । উল্লেখযোগ্য , যোৱা বৰ্ষৰ জুলাই মাহত হোৱা প্ৰলয়কাৰী বানে বগৰী বাৰীত মথাউৰি ছিগি সমগ্ৰ অঞ্চলটো জলমগ্ন কৰিছিল । বাট পথৰো বিস্তৰ ক্ষতি সাধন কৰিছিল । উটুৱাই নিছিল বহু পৰিয়াল ঘৰ দুৱাৰ । ইপিনে , কিছুদিন পূৰ্বে মেৰামতি কৰা পথটো পুনৰ পানীয়ে এনেদৰে ছিগি নিয়াত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক ৰাইজে দাবী জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here