বিজেপি মিত্ৰজোঁটৰ বিধায়িনী দলৰ সভাত ড০ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতভাৱে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত

0
22

বিজেপি মিত্ৰজোঁটৰ বিধায়িনী দলৰ সভাত ড০ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতভাৱে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত

ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মাঃ সদ্য ঘোষিত অসম বিধানসভা নিৰ্বাচন – ২০২১ ৰ জনতা জনাৰ্দনৰ ৰায় মৰ্মে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপি মিত্ৰজোঁটৰ নতুন চৰকাৰ গঠন কৰাৰ হেতু ৯ মে’ত ভাৰতীয় জনতা পাৰ্টি, অগপ আৰু ইউ.পি.পি.এল মিত্ৰজোঁটৰ বিধায়িনী দলৰ সভা অনুষ্ঠিত হয় ৷ এই সভাতেই সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা স্বৰূপে ড০ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচিত কৰা হয়। উক্ত সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যবেক্ষক তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, অৰুণ সিং, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ক্ৰমে বি.এল. সন্তোষ , দিলীপ শইকীয়া, অজয় জামোৱাল, পবন শৰ্মা, অসমৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰা, ইউ.পি.পি.এলৰ সভাপতি প্ৰমোদ বড়ো সহিতে দলীয় নেতৃত্ব আৰু নৱনিৰ্বাচিত বিধায়কসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here