বিতৰ্কিত লাট মণ্ডল হজৰত আলীক আটানীৰ চাৰ্কেল লৈ বদলি , শান্তিৰ পৰিৱেশ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত

0
58

বিতৰ্কিত লাট মণ্ডল হজৰত আলীক আটানীৰ চাৰ্কেল লৈ বদলি , শান্তিৰ পৰিৱেশ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ধুবুৰী , ৩ জুলাইঃ বহু বিতৰ্কিত লাট মণ্ডল হজৰত আলীক যোৱা ২৯ জুন ২০২১ ইং তাৰিখত ডি আৰ কে ৩২/২০২১/১১ নং মেমো যোগে আটানী ৰাজহ চক্ৰ কাৰ্যালয়লৈ বদলি কৰিছে বুলি বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে , লাট মণ্ডল হজৰত আলীয়ে বহু দিন ধৰি ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত আছিল । তাৰ মাজতে নিজকে হিটলাৰী শাসন ব্যৱস্থা চলাই থকাৰ বাবে বহু দিন ধৰি বহু অভিযোগত লিপ্ত হৈ পৰিছিল বুলি অভিযোগত প্ৰকাশ। পৰৱৰ্তী সময়ত ৰাজহুৱা অভিযোগৰ ভিত্তিত যোৱা ২৯ জুন তাৰিখে ধুবুৰী জিলা উপায়ুক্তই আটানী চাৰ্কেল লৈ বদলি কৰিছে । মনকৰিবলগীয়া বিষয় হৈছে যে , ধুবুৰী জিলা উপায়ুক্তই বদলিৰ নিৰ্দেশ ৰিছিপ কৰা সময়ৰ ৪৮ ঘন্টাৰ ভিতৰত আটানী চাৰ্কেলত যোগদান কৰাৰ বাবে নিৰ্দেশত উল্লেখ কৰিছে । যাৰ বাবে ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত এক শান্তিৰ পৰিৱেশ উভতি আহিছে বুলি সাধাৰণ জনতাই মত প্ৰকাশ কৰিছে। উল্লেখ্য যে , বিতৰ্কিত লাট মণ্ডল হজৰত আলী আকৌ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত উভতি আহিবলৈ স্বাস্থ্যজনিত কাৰণ দেখুৱাবলৈ বিভিন্ন ধৰণৰ কূট-কৌশল আৰম্ভ কৰিছে বুলিও চৰ্চাত স্থান পাইছে । উক্ত হজৰত আলী নামৰ লাট মণ্ডল গৰাকীয়ে যাতে আকৌ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয় লৈ উভতি আহিব নোৱাৰে , তাৰ বাবে ধুবুৰীৰ একাংশ ৰাইজে দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here