বিশ্বনাথত চিকিৎসক প্ৰহাৰৰ কাণ্ড , দুজনক গ্ৰেপ্তাৰ

0
9

বিশ্বনাথত চিকিৎসক প্ৰহাৰৰ কাণ্ড , দুজনক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা , বিশ্বনাথ , ১১ জুন : বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মাজুলী গড় চাহ বাগিচাৰ চিকিৎসক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে । মাজুলিগড় চাহবাগিছাৰ জেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীক আক্ৰমণ কৰা দুজন মূল অভিযুক্ত বৃহস্পতি বাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ধৃতলোক দুজন ক্ৰমে অজিত তাঁতি(৩৮) আৰু সুজিত তাঁতি(২৫) বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে ৷ দুয়োৰে ঘৰ মাজুলীগড় চাহবাগিছাৰ দহ নম্বৰ লাইনত ৷ চিকিৎসক আক্ৰমণ সম্পৰ্কত আই পি চিৰ ১৪৩/৪৪৭/ ৩৫২/ ৩২৫/ ৩০৭ আৰু আৰ ই ডব্লিউ চেকচন ৫১(বি) ডি এম এক্টত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ১৬৭/২১ নম্বৰ এক গোছৰ ৰুজু হৈছে ৷ উল্লেখ্য যে , ক’ৰোনা মহামাৰীৰ বাবে বাগিছা খনৰ দোকান-পোহাৰ ১২ বজাত বন্ধ কৰা কাৰ্যত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ থকা একাংশ শ্ৰমিক চিকিৎসক জনক প্ৰহাৰ কৰিবলৈ তেওঁ থকা বাসগৃহলৈকে খেদি আহিছিল । আনহাতে , ধৃত দুই অভিযুক্ত অজিত আৰু সুজিতক বিশ্বনাথ আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ ফলত আনকেইবাজনো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here