বিশ্বনাথৰ এখন ভঙা দলঙে জ্বলাকলা খুৱাইছে উত্তৰ অঞ্চলৰ ২০ খনতকৈও অধিক গাঁৱৰ ৰাইজক

0
6

বিশ্বনাথৰ এখন ভঙা দলঙে জ্বলাকলা খুৱাইছে উত্তৰ অঞ্চলৰ ২০ খনতকৈও অধিক গাঁৱৰ ৰাইজক

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা, বিশ্বনাথ, ১০ জুন : এখন ভঙা দলঙে জ্বলাকলা খুৱাইছে বিশ্বনাথৰ উত্তৰ অঞ্চলৰ ২০ খনতকৈও অধিক গাৱৰ ৰাইজক ৷ বিশ্বনাথ সমষ্টিৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত বাহবাৰী আৰু ফুকনচাংৰ মাজত দলং আছে যদিও দলংৰে পাৰ নহয় গাড়ী ৷ দলংৰ কাঠ পছি যোৱাৰ বাবে মটৰ চাইকেল ঠেলি অথবা খোজ কাঢ়ি হে পাৰ হব পাৰি নদীখন ৷ ক’লানদীৰ ওপৰত থকা বাহবাৰী আৰু ফুকনচাং সংযোগী এই দলংখন ১৭ বছৰ পূৰ্বে নিৰ্মান কৰিছিল গুৱাহাটীৰ ডাইনেষ্টি হোটেলৰ স্বতাধিকাৰী প্ৰয়াত আদিলুুৰ ৰহমানে ৷ এই অঞ্চলতে থকা নিজৰ চাহ বাগিছাৰ চাহপাত আনিবৰ বাবে প্ৰয়াত ৰহমানে বাহৰ সাকো থকা নদীখনৰ ওপৰত সাজিছিল কাঠৰ দলংখন ৷ মাজে সময়ে নিজাকৈ দলংখন মেৰামতি কৰা আদিলুৰ ৰহমানৰ মৃত্যুৰ পিছত লাহে লাহে দলংখন হৈ পৰিল এলাগী ৷ মেৰামতিৰ অভাৱত লাহে লাহে দলংখন জৰাজীৰ্ণ হৈ পৰিল যদিও আজিলৈকে চকু নপৰিল ৰজাঘৰৰ ৷ বিপদ সংকুলভাৱে পছা কাঠৰ দলংখনৰ ওপৰেদিয়েই যাতায়ত অৱ্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী দলংৰ পৰা পিচলি নদীত পৰাৰ দৰেও ঘটনা সংঘটিত হৈছে অঞ্চলটোত ৷ চিকিৎসালয়লৈ ৰোগী নিবলৈও যথেষ্ট অসুবিধা হয় ৰাইজৰ ৷ তথাপিও কিন্তু চকু পৰা নাই ৰজাঘৰৰ ৷ কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ সকলোৱে দলং নিৰ্মানৰ জোখ মাখ কৰি নিয়ে যদিও দলং নহয় হে নহয় অঞ্চলটোত ৷ ভোট বিচাৰি অহা জনপ্ৰতিনিধিয়ে প্ৰতিবাৰেই দলং নিৰ্মান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে হৈ নুঠিল অঞ্চলটোৰ দলংখন ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগ নিজৰ হাতত ৰখা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দলংখন নিৰ্মান কৰিবলৈ আহ্বান জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here