বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত চিকিৎসকক আক্ৰমণ বাগিচাৰ একাংশ দুষ্কৃতিকাৰীৰ , দুষ্কৃতিকাৰীক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

0
7

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত চিকিৎসকক আক্ৰমণ বাগিচাৰ একাংশ দুষ্কৃতিকাৰীৰ , দুষ্কৃতিকাৰীক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা, বিশ্বনাথ, ১০ জুন : হোজাই জিলাৰ ৰদালীত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ মাৰ নৌযাওতেই পুনৰ বিশ্বনাথ চাৰিআলিৰ মাজুলীগড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসকক আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণি মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৫-১৫ বজাত বিশ্বনাথ চাৰিআলিৰ মাজুলী গড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীয়ে নিজৰ বাংলাৰ চৌহদত খোজকাঢ়ি আছিল । ৮১ বছৰীয়া চিকিৎসকগৰাকীয়ে আধা ঘন্টামান খোজ কঢ়াৰ পিছতে দহ/পোন্ধৰ জনীয়া এটা শ্ৰমিকৰ দল আহি বাংলাৰ সম্মুখত উপস্থিত হোৱা প্ৰত্যক্ষ কৰে । ক্ষোভিত হৈ অহা এই শ্ৰমিকৰ দলটোৰ পৰা তিনিজন শ্ৰমিক চিকিৎসকজনৰ ঘৰৰ গেট খুলি ভিতৰলৈ সোমাই আহে । এই অচিনাক্ত শ্ৰমিক কেইজনে ‘দোকান বন্ধ কৰা ইয়াকে ধৰ’ বুলি কৈ খোজকাঢ়ি থকা জ্যেষ্ঠ চিকিৎসক গৰাকীৰ ওপৰত আক্ৰমণ চলায় । সেই সময়তে চিকিৎসক গৰাকীৰ ঘৰৰ ভিতৰত কাম কৰি থকা মহিলা শ্ৰমিক এগৰাকী ওলাই আহি চিকিৎসক গৰাকীক ঘৰৰ ভিতৰলৈ টানি লৈ যায় । লগে লগে অচিনাক্ত দুৰ্বৃত্ত কেইজন সেই ঠাইৰ পৰা পলায়ন কৰে । হাত আৰু পিঠিত দুষ পোৱা চিকিৎসক গৰাকীয়ে নিশা বিশ্বনাথ আৰক্ষীক জনোৱাত কঠোৰ নিৰাপত্তাৰ মাজেৰে আজি আৰক্ষীয়ে চিকিৎসক জনক মাজুলী গড় চাহ বাগিচাৰ পৰা বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে । বৰ্তমান চিকিৎসক গৰাকী চিকিৎসাধীন হৈ আছে । ঘটনা সম্পৰ্কে আজি চিকিৎসক গৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এক এজেহাৰ দাখিল কৰিছে । ইফালে , আৰক্ষীয়ে দোষীক চিনাক্ত কৰি কৰায়ত্ত কৰিবৰ বাবে উঠি- পৰি লাগিছে । উল্লেখ্য যে , কৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বলবৎ কৰা এচ অ পিৰ অধীনত নতুন নীতি নিৰ্দেশনা মতে গ্ৰাম্য অঞ্চল বা চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি নিৰ্দেশনা অমান্য কৰি বাণিজ্যিক প্ৰতিষ্ঠান খোলা ৰাখিছে । ঠিক সেইদৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাতো দুপৰীয়া বাৰ বজাৰ পৰা দোকান পোহাৰ বন্ধ কৰিব লাগে যদিও বাগিচাখনৰ একাংশ ক্ষুদ্ৰ ব্যবসায়ীয়ে মনা নাছিল । মাজুলীগড় চাহ বাগিচাত কৰোণাৰ গণ সংক্ৰমণ ভয়াবহ ভাবে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে বাগিচা খনৰ কতৃপক্ষক এচ অ পিৰ নীতি নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে । ফলত বাগিচা কৰ্তৃপক্ষই বাগিচাত থকা দোকান বজাৰ বন্ধ কৰিবলৈ চেষ্টা চলাই আছিল । ইফালে , বাগিছাখনৰ একাংশ শ্ৰমিকে এই বিষয়টো ভাল পোৱা নাছিল । ক’ভিডৰ কাৰণে বাগিচাত দোকান-বজাৰ বন্ধ কৰাবলৈ চিকিৎসক জনে বাগিচা কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক কৈছে বুলি সন্দেহ কৰি চিকিৎসকৰ ওপৰত ক্ষোভিত হৈ এই ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here