বোকাখাটত বিজেপিৰ অনুসূচীত জাতি মৰ্চা আৰু মিচামৰা স্বাস্থ্যকেন্দ্ৰৰ সহযোগত ক’ভিড টিকাকৰণ

0
5

বোকাখাটত বিজেপিৰ অনুসূচীত জাতি মৰ্চা আৰু মিচামৰা স্বাস্থ্যকেন্দ্ৰৰ সহযোগত ক’ভিড টিকাকৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলাঘাট , বিনোদ কুমাৰ নাথ , ১০ জুনঃ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি শ্ৰীযুত সুভাষ চন্দ্ৰ দাস ডাঙৰীয়াৰ উদ্যোগত আৰু মিছামৰা স্বাস্থ্য খণ্ডৰ সহযোগত আজি গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ তথা মিছামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰঙামাটি চাহ বাগিছাত কোভিড টীকাকৰণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে খকন্দগুৰী খুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা ও স্বাস্থ্য বিষয়া ড: এচ এম তাহিৰ ডাঙৰীয়া আৰু ৰঙামাটি চাহ বাগিছাৰ সহ পৰিচালক শ্ৰীযুত কংকন বৈৰাগী ডাঙৰীয়া । জানিব পৰা মতে , উক্ত টিকাকৰণ কেন্দ্ৰটিত ১০০ গৰাকী ব্যক্তিক, ১৮ ৰ পৰা ৪৫ বছৰলৈ আৰু ১০০ জন লোকক কভিশ্বিল্ড ভেকছিন প্ৰদানৰ লগতে ১০৮ জন লোকক কভিড পৰীক্ষা কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here