বৰপেটাৰ উদীয়মান নাট্যকৰ্মী মুকুট কলিতাৰ নবম বাৰ্ষিক মৃত্যু দিৱস

0
10

বৰপেটাৰ উদীয়মান নাট্যকৰ্মী মুকুট কলিতাৰ নবম বাৰ্ষিক মৃত্যু দিৱস

দুৰ্নীতিৰ দৰ্পণ , হাউলী , ষ্টাফ ৰিপৰ্টাৰ , মনজিৎ দাস , ২৮ জুনঃ বৰপেটাৰ উদীয়মান নাট্যকাৰ ,পৰিচালক, অভিনেতা ,কবি, সমাজ সংগঠক, প্ৰকৃতিপ্ৰেমী মুকুট কলিতাৰ কাইলৈ নৱম বাৰ্ষিক মৃত্যু দিবস । কোভিদ প্ৰটোকলৰ অনুসৰি নিজ বাসগৃহত অনুস্টুপীয়াকৈ পালন কৰিব শিল্পী গৰাকীৰ মৃত্যু তিথি । বৰপেটা চহৰৰ কুজি’ দ হাটীত দিন যোৰা কাৰ্য সুচীৰে গুণমুগ্ধ আৰু পৰিয়ালৰ লোকে স্মৃতি চাৰণ কৰাৰ লগতে তেখেতৰ বাসভৱনত প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ভাগৱত পাঠ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব । ৩৮ বছৰ বয়সতে জীৱন নাট সামৰিছিল যদিও থৈ গৈছিল অসমৰ নাট্য জগতত বিশেষ অৱদান । তেখেতে ৰচনা কৰা নাটসমূহ অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত পৰিবেশন কৰি অসমলৈ সন্মান আনিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও সমাজ সংগঠক , প্ৰকৃতি প্ৰেমী আৰু কবি হিচাপে তেওঁৰ আছিল এক বিশেষ অৱদান । তেখেতৰ ৰচনা কৰা নাটসমূহ সমুহ হ’ল ৰং ৰং নানা ৰং , বুদ্ধং চৰনং গচ্ছামী , খোল , সেউজীক হেৰুৱাম , অস্তাচলত নিৰাপদ , এই ৰাতি কেতিয়া পুৱাব আদি নাট ৰচনা কৰি মুকুট কলিতাই নাট্য জগতত বিশেষ অৱদান আগবঢাই যায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here