বৰপেটাৰ বৃহত্তৰ জাহোৰপাম অঞ্চলত স্তব্ধ জনজীৱনঃ কৰোনাৰ বাবে ভীতিগ্ৰস্ত ৰাইজ

0
13

বৰপেটাৰ বৃহত্তৰ জাহোৰপাম অঞ্চলত স্তব্ধ জনজীৱনঃ কৰোনাৰ বাবে ভীতিগ্ৰস্ত ৰাইজ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা-জাহোৰপাম, ৭ মে’: কোভিড পৰিস্থিতিৰ ভয়াবহতালৈ লক্ষ্য কৰি ৰাজ্যচৰকাৰে নতুনকৈ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পাছতেই সাধাৰণ ৰাইজৰ মুখত পানী নোহোৱা হৈ পৰিছে। পশ্চিম বৰপেটাৰ বৃহত্তৰ জাহোৰপাম অঞ্চলত ব্যৱসায়-বাণিজ্য কৰা সকলোৱেই দিনৰ দুই বজাতে দোকান-পোহাৰ বন্ধ কৰিবলগীয়া হৈছে। ইয়াৰোপৰি কেইদিনমান ধৰি বৰষুণ দিয়াৰ ফলত আগবেলাতে ভালদৰে বেচা-কিনা কৰিবলৈ ব্যৱসায়ীসকলে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ জাহোৰপাম, মনাহাটী বাহমুৰা বজাৰ, জনীয়া, বানিয়াৰাপাৰা গেৰেমাৰী বজাৰ, যতিগাঁও, ৰাঙাপানী, কাদং, ধানবান্ধা আদি বৃহত্তৰ অঞ্চলত দিনৰ দুই বজাতে দোকান-পোহাৰ বন্ধ কৰি ক্রেতা-বিক্ৰেতাসকলে ঘৰমুৱা হোৱা দেখা যায়। যি সময়ত এই অঞ্চলটোত বজাৰ-সমাৰ খুলে, ঠিক সেইময়তে বন্ধ কৰিবলগীয়া হোৱাত বিস্তৰ ক্ষতি-সাধন হৈ আছে। কিছুমানৰ একেবাৰে কৰ্মসংস্থাপন বন্ধ হৈ পৰিছে। ফলত স্তব্ধ হৈ পৰিছে এইসকলৰ জনজীৱন। ইফালে চৰকাৰে এইসকল লোকৰ বাবে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। কৰোনাৰ এই ভীতিগ্ৰস্ততাৰ সময়ত তেওঁলোকৰ জীৱন পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here