বৰপেটা জিলা আমছুৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানক অপদস্ত , হাউলী আৰক্ষী থানাৰ এ এছ আই নবজিত ডেকাক বদলিকৰণৰ দাবী

0
6

বৰপেটা জিলা আমছুৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানক অপদস্ত , হাউলী আৰক্ষী থানাৰ এ এছ আই নবজিত ডেকাক বদলিকৰণৰ দাবী

ষ্টাফ ৰিপৰ্টাৰ, চৈয়দ আফতাদ হুছেইন, দুৰ্নীতিৰ দৰ্পণ সেৱা, ১৭ জুলাই: বৰপেটা জিলা আমছুয়ে হাউলি আৰক্ষী থানাত কৰ্মৰত এ এছ আই নবজিত ডেকাক বদলিকৰণৰ বাবে বৰপেটা আৰক্ষী অধীক্ষকক লিখিত দাবী জনাইছে। বৰপেটা জিলা আমছুৱে উল্লেখ কৰা মতে এ এছ আই নবজিত ডেকাই হাউলী অঞ্চলত আইন-শৃংখলা ৰক্ষাৰ নামত ত্ৰাসৰ সৃষ্টি কৰিছে। এইজন বিষয়াৰ ওপৰত ৰাইজৰ বহু অভিযোগ আছে ইয়াৰ ভিতৰত থানাত মানুহ গ’লে বিনাকাৰণত বেয়া ব্যৱহাৰ কৰে। অযথা মানুহক মানুহক গালি-গালাজ দিয়াৰ উপৰিও মানুহৰ ঘৰত অবৈধভাৱে প্ৰৱেশ কৰি বাইক আনি ধন সংগ্ৰহ কৰে বুলি ৰাইজে অভিযোগ কৰে বুলি বৰপেটা জিলা আমছুৱে জনায়। ইয়াৰ উপৰিও যোৱা ১৩/০৭/২০২১ ইং তাৰিখে বৰপেটা জিলা আমছুৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানক শাৰীৰিক আৰু মানসিকভাৱে অপদস্তঃ কৰে। এই কাৰ্যক আমছুৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে সংগঠনৰ মান-মৰ্যাদা বুজি নোপোৱা বিষয়াক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে বৰপেটা জিলা আমছুৱে। এনে ধৰণৰ কাণ্ড-জ্ঞানহীন বিষয়া থাকিলে হাউলী অঞ্চলৰ সাতামপুৰুষীয়া ঐক্য, শান্তি-সংহতি বিগ্নিত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে বৰপেটা জিলা আমছুয়ে । বৰপেটা জিলা আমছুয়ে আৰক্ষী বিষয়া জনক তিনি দিনৰ ভিতৰত বদলিকৰণৰ দাবী জনাই বৰপেটা জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ দিয়ে। এ এছ আই নবজিত ডেকাক বদলিৰ পাছতো উৰ্ধতম কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here