বৰহাৱৰত বন বিভাগৰ অভিযানত কেবা লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ , বন মাফিয়াৰ পলায়ন

0
24

বৰহাৱৰত বন বিভাগৰ অভিযানত কেবা লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ , বন মাফিয়াৰ পলায়ন

দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান , ১৯ জুনঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অধীনস্থ বৰহাৱৰ গাঁৱত হোজাই বন বিভাগ আৰু আৰক্ষীয়ে চলোৱা যৌথ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জিলা বন বিষয়া গুনদীপ দাসৰ নিৰ্দেশত বন সুৰক্ষা বাহিনীৰ মহেশ নাথ আৰু কেভি ৰেঞ্জৰ উৎপল ডেকাৰ লগতে মোৰাঝাৰ আৰক্ষীৰ এটা দলে দেৱস্থান আৰক্ষী পহৰা চকীৰ অধীনস্থ বৰহাৱৰ অঞ্চলৰ নাচিৰ আহমেদৰ বাসগৃহত চলাইছিল এই অভিযান । বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত প্ৰায় ২০০ কেবি মুল্যবান ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয় যদিও জব্দকৃত কাঠখিনি কোনে কৰ পৰা আনি ৰাখিছে , সেয়া এতিয়াও স্পষ্ট ভাৱে জানিব পৰা হোৱা নাই । কাঠখিনি উদ্ধাৰ হোৱা মাটিৰ গৰাকীক অভিযানকাৰী দলে সোধাপোছা কৰি চোৰাং কাঠখিনিৰ লগত জড়িত থকা প্ৰকৃত বন মাফিয়াক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে বুলি অভিযানকাৰী দলে জানিব দিয়ে । অন্যহাতে , জব্দকৃত কাঠখিনি হোজাইৰ কেভি ৰেঞ্জত লৈ অনাৰ পিছত জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা হ’ব বুলি অভিযানকাৰী দলটোক নেতৃত্ব দিয়া বনকৰ্মী মহেশ নাথে জানিবলৈ দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here