ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটাৰ সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক প্ৰয়াত মদন শৰ্মালৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0
5

ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটাৰ সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক প্ৰয়াত মদন শৰ্মালৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ১১ জুনঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক সদ্য প্ৰয়াত মদন শৰ্মাক আজি ভাৰতীয় জনতা পাৰ্টী তৰফৰ পৰা অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ভাৰতীয় জনতা পাৰ্টী মাৰ্ঘেৰিটাৰ নিষ্ঠাৱান কৰ্মীজনৰ বৃহস্পতিবাৰে সন্ধিয়া আকস্মিক ভাৱে বিয়োগ ঘটে । তেখেতৰ বিয়োগত সমগ্ৰ মাৰ্ঘেৰিটাতে শোকৰ ছা’ পৰা পৰিলক্ষিত হৈছে । তেখেতৰ বিযোগৰ খৱৰ লাভ কৰা মাত্ৰকে দলীয় কৰ্মকৰ্তা লগতে গুণমুগ্ধই তেখেতক অন্তিম দেখা কৰিবৰ বাৱে আৱাসগৃহত ভীৰ কৰে । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাইয়ো তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । ভাৰতীয় জনতা পাৰ্টীৰ বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে মদন শৰ্মাৰ মৃত্যুৰ দলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় । আজি সম্পুৰ্ণ দলীয় মান মৰ্যদাৰে মাৰ্ঘেৰিটাত মদন শৰ্মাৰ অন্তোষ্টিক্ৰীয়া সমাপন কৰা হয় । অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে মদন শৰ্মা বিয়োগত ভাস্কৰ শৰ্মা ফেনচ ক্লাৱেও গভীৰ শোক প্ৰকাশ কৰা লগতে তেখেতৰ বিদেহ আত্মা সদগতি কামনা কৰি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here