মাটিৰ গৰাকীৰ অনুমতি অবিহনে এজনৰ নামত নামজাৰী , পিছত আকৌ নাম কৰ্তন কৰাৰ অভিযোগ

0
529

মাটিৰ গৰাকীৰ অনুমতি অবিহনে এজনৰ নামত নামজাৰী , পিছত আকৌ নাম কৰ্তন কৰাৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ধুবুৰী , ২৭ জুন ঃ ৰাজহুৱা অভিযোগতৰ ভিত্তিত যোৱা ১২ ফেব্ৰুৱাৰী তাৰিখে ডি পি ই/২২/২০০২/পি আই/১৫৭ নম্বৰ মেমো যোগে বিতৰ্কিত লাট মণ্ডল নোমেজ উদ্দিন আহমেদৰ বদলিকৰণ কৰিছিল যদিও উক্ত নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই আজিলৈকে চকী এৰি নিদিয়াৰ সময়ত আন এক অভিযোগ উঠিছে উক্ত লাট মণ্ডল নোমেজ উদ্দিন আহমেদৰ বিৰুদ্ধে । মাটিৰ গৰাকীৰ অনুমতি অবিহনে আন এজনৰ নামত নামজাৰী কৰি দিয়াৰ পিছত আকৌ নাম কৰ্তন কৰাৰ অভিযোগ উঠিছে ।

প্ৰাপ্ত অভিযোগ মতে,ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বগুলামাৰী প্ৰথম খণ্ডৰ ১১৫ নং পট্ৰাৰ ২১২ নং দাগৰ মাটি দলিলসুত্ৰে পট্ৰাদাৰ প্ৰয়াত মনছেৰ প্ৰধানীৰ পুত্ৰ ক্ৰমে মেহেৰুল ইছলাম প্ৰধানী , মফিদুল ইছলাম প্ৰধানী , মোমেনুৰ ইছলাম প্ৰধানীয়ে মাটি বিক্ৰি কৰিছিল । উক্ত মাটিত(১কঠা ৫ লেছা মাটি) পট্ৰাদাৰ সকলে কিনোতাৰ দখলত থকাৰ বাবে ঘৰুৱা দলিলৰ জৰিয়তে সন্মতিসূচক প্ৰয়াত আব্দুল হামিদ মণ্ডলৰ কন্যা ৰেজিয়া খাতুনৰ নামত চক্ৰ বিষয়াৰ ০২/০৩/২০২০ তাৰিখৰ নামজাৰী নং DHU/DHU/২০১৯-২০/১৪৫৪/FMUT-ৰ হুকুমমৰ্মে ২১২ নং দাগৰ ১ কঠা ৫ লেছা মাটি অন্যান্য মেহেৰুল ইছলাম প্ৰধানীৰ লগত মোমেনুৰ প্ৰধানীৰ লগত ৰেজিয়া খাতুন(পিতৃ আঃ হামিদ মণ্ডল)ৰ নামত নামজাৰী কৰে ।

উক্ত মাটি আকৌ ২০২১ চনত একে লাটৰ দায়িত্বত থকা নোমেজ উদ্দিন আহমেদ নামৰ লাট মণ্ডলজনে ৰমজান আলীৰ স্ত্ৰী মনজিৰা খাতুনৰ নামত চক্ৰ বিষয়াৰ ২২/০৩/২০২১ তাৰিখত DHU/DHU/২০২০-২১/২০৬৭/FMUT-ৰ হুকুমমৰ্মে ২১২ নং দাগৰ ১৫ লেছা মাটি কি কি তথ্যৰ ভিত্তিত মনজুৰা বিবি (পতি ৰমজান আলী) নামত নামজাৰী কৰা হল ?

অথচো মাটিৰ মালিকে গমেই নাপায় বুলি অভিযোগ । পট্ৰাদাৰে কোৱা মতে,সম্পূৰ্ণ মাটি বিক্ৰি দলিল সুত্ৰে হৈছিল আৰু তাত মানুহে বসবাস কৰি আছে বুলি অভিযোগত প্ৰকাশ ।

প্ৰশ্ন উঠিছে,কোন তথ্যৰ ভিত্তিত মনজুৰা বিবিৰ নামত কেনেকৈ নামজাৰী কৰা হল ? ইয়াৰ পিছতেই আকৌ কভিড বিধি মতে , ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে গোটেই অসমৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ থকাৰ সময়তে যোৱা ১১-০৫-২০২১ ইং তাৰিখত লাট মণ্ডল নোমেজ উদ্দিন আহমেদে কোন কাৰ্যালয়ত,কেনেকৈ নাম কৰ্তনৰ প্ৰতিবেদন জমা দিয়ে ? উক্ত মনজুৰা বিবিৰ নাম যোৱা ০৫-০৬-২০২১ ইং তাৰিখত কভিড বিধি মতে কাৰ্যালয় বন্ধ থকাৰ সময়ত কভিড বিধি উলংঘা কৰি বিতৰ্কিত লাট মণ্ডল নোমেজ উদ্দিন আহমেদে কিহৰ স্বাৰ্থত মনজুৰা বিবিৰ নাম কৰ্তন কৰিলে ?

মনজুৰা বিবিৰ নাম আকৌ যে কৰ্তন কৰিলে , সেয়াও গম নাপায় ৰেজিয়া খাতুনে । তেনেহলে কেনেকৈ তদন্ত কৰি প্ৰতিবেদন দিলে লাট মণ্ডল নোমেজ উদ্দিন আহমেদে ? ইয়াৰ সকলো তদন্ত কৰিলে ওলাই পৰিব লাট মণ্ডল নোমেজ উদ্দিন আহমেদৰ প্ৰকৃত অনিয়মৰ তথ্য । সাধাৰণ ৰাইজৰ মাজত কেনেকৈ কাজিয়াৰ সুত্ৰপাত হয়,তাৰ জলন্ত উদাহৰণ এয়াই বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে । পৰৱৰ্তী সংখ্যাত আকৌ ফাদিল কৰিম লাট মণ্ডল নোমেজ উদ্দিন আহমেদ কত,কেনেকৈ অনিয়ম কৰি আছে,তাৰ সকলো তথ্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here