মাণিকপুৰত আৰক্ষীৰ অভিযান, ধৃত দুই যুৱক ,মটৰচাইকেল সহ এটা হস্তনিৰ্মিত মাৰনাস্ত্ৰ জব্দ

0
5

মাণিকপুৰত আৰক্ষীৰ অভিযান, ধৃত দুই যুৱক ,মটৰচাইকেল সহ এটা হস্তনিৰ্মিত মাৰনাস্ত্ৰ জব্দ

দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ১০ জুনঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা-পানবাৰী গড়কাপ্তানি পথত বুধবাৰে নিশা
আৰক্ষীৰ অভিযানত এটা হস্ত নিৰ্মিত বন্দুক সহ দুজন লোক গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে , এক গোপন সূত্ৰৰ পোম খেদি অভয়াপুৰী মহকুমা আৰক্ষী বিষয়া আৰু অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত সৰভোগ থানাৰ অন্তৰ্গত কলবাৰী গাঁওৰ মো: আবুল হুছেইন আৰু মোঃ মিনাৰুল আলীক ডকাইতি কাৰ্য্যত জড়িত সন্দেহত গ্ৰেপ্তাৰ কৰে । আনহাতে , এজন সহযোগী পলাই যাবলৈ সক্ষম হয় । পলাতক সহযোগী জন চিৰাং জিলাৰ আলুখুন্দাৰ মো: আমজাদ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে লোক দুজনৰ পৰা এটা হস্তনিৰ্মিত কাৰ্বাইন জাতীয় মাৰনাস্ত্ৰৰ লগতে নম্বৰ বিহীন এখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনা সম্পৰ্কে মানিকপুৰ আৰক্ষী থানাত এক গোছৰ ৰুজু কৰা হয় । ধৃত লোক দুজন প্ৰকৃততে ডকাইতি কাৰ্য্যত জড়িত নে অস্ত্ৰ সৰবৰাহকাৰী , সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব । সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here