মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ডবকাৰ সমাজ সেৱক আচাব উদ্দিন চৌধুৰীৰ ১,৩৫,০০০ টকাৰ অনুদান

0
15

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ডবকাৰ সমাজ সেৱক আচাব উদ্দিন চৌধুৰীৰ ১,৩৫,০০০ টকাৰ অনুদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ১০ জুনঃ হোজাই জিলাৰ ডবকাৰ বিশিষ্ট সমাজ সেৱক ও সম্ভ্ৰান্ত উদ্যোগপতি তথা নগাঁও পথ চাৰ্কোলৰ গড়কাপ্তনী বিভাগৰ (পথ) ঠিকাদাৰ আচাব উদ্দিন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ চেক যোগে ১,৩৫,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় । ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আচাব উদ্দিন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সহায়ৰ হাত আগবঢ়ায় ।
কেৱল এয়াই নহয় , লতডাউনৰ সময়ত ডবকা অঞ্চলৰ প্ৰায় দহ হাজাৰ দুখীয়া পৰিয়ালক খাদ্য-সামগ্ৰী বিতৰণৰ লগতে বিভিন্ন সময়ত আৰ্থিক অনুদান দি দুখীয়া লোক সকলক সহায় কৰি আহিছে চৌধুৰীয়ে ৷ ইফালে , ভাৰতীয় ডাক বিভাগৰ ডবকা শাখাৰ প্ৰৱন্ধক শ্বাহ নেৱাজ বৰভূঞ্যাই জনতা ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ কৰোণা মহামাৰী‌ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ লগতে জামাতে উলামা-ই-হিন্দ অসম প্ৰদেশৰ সভাপতি মৌলানা আতাউৰ ৰহমান কাছিমীয়ে কভিড-১৯ নিয়ন্ত্ৰণ আৰু টিকাকৰণ অভিযানৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়ায় । সভাপতি কাছিমীৰ লগত সংগঠনৰ বিভিন্ন বিষয়ববীয়া সকলো উপস্থিত থাকে ৷ বিজেপি তথা আৰ এচ এচৰ ভাতৃ সংগঠন জামাতে উলামা-ই-হিন্দ জন্ম লগ্নৰে পৰা বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ আছে । ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী জামাত-ই উলামাই দেশ তথা জাতিৰ সুৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনৰ সময়ত বিজেপিক যথেষ্ট সহায় কৰা পৰিলক্ষিত হৈছিল । বিশ্বব্যাপী দেখা দিয়া এই কৰুণা মহামাৰীৰ জটিল সময়ত দুখীয়াৰ এই সঁহাৰিৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই উদ্যোগপতি আচাব উদ্দিন চৌধুৰী,জামাত উলামা-ই হিন্দৰ অসম প্ৰদেশৰ সভাপতি মৌলানা আতাউৰ ৰহমান কাছিমীৰ লগতে শাখা ডাক প্ৰবন্ধক শ্বাহ নেৱাজ বৰভূঞ্যাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here