মৰিগাঁৱৰ মিকিৰভেটা আহোমগাঁৱৰ চুলাই ভাটিত আৰক্ষীৰ অভিযান , এক হাজাৰ লিটাৰকৈ অধিক চুলাই নষ্ট কৰে মিকিৰভেটা আৰক্ষীয়ে

0
10

মৰিগাঁৱৰ মিকিৰভেটা আহোমগাঁৱৰ চুলাই ভাটিত আৰক্ষীৰ অভিযান , এক হাজাৰ লিটাৰকৈ অধিক চুলাই নষ্ট কৰে মিকিৰভেটা আৰক্ষীয়ে

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৪ জুনঃ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে প্ৰতি দিনে থানাৰ এলেকাধীন অঞ্চলত বহু দিনৰ পৰা অবৈধ ভাৱে চলি অহা চুলাই , গাঞ্জা , ড্ৰাগছৰ ঘাটি সমূহত ধাৰাবাহিক ভাৱে অভিযান চলাই আহিছে ৷ আজি পুনৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিময় গায়নৰ নেতৃত্বত মিকিৰভেটা আহোমগাঁৱত বছৰ বছৰ ধৰি অবৈধ ভাৱে চলাই অহা চুলাই মদৰ ভাটি সমূহত কেইবা ঘৰটো অভিযান চলাই এক হাজাৰ লিটাৰতকৈ অধিক চুলাই মদ নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা সামগ্ৰী সমূহ নষ্ট কৰে আৰক্ষীয়ে ৷ আনহাতে , এই অভিযানত সকলো চুলাই মদ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় যদিও মিকিভেটা আৰক্ষীয়ে এই ব্যৱসায় সমূহ বন্ধ কৰি এক সুস্থ পৰিবেশ গঢ়িবলৈ আহ্বান জনাই অঞ্চলৰ লোক সকলক ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here