শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ ওপৰত পৰ্য্যালোচনা বৈঠক সম্পন্ন

0
17

শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ ওপৰত পৰ্য্যালোচনা বৈঠক সম্পন্ন

ষ্টাাফ ৰিপৰ্টাৰ,অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত জিলাখনৰ ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ জিলা স্বাস্থ্য বিভাগৰ বিষয়া, ব্যক্তিগত চিকিৎসালয়, স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল, ব্যক্তিগত নাৰ্ছিং হোম আদিৰ প্ৰতিনিধি, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াৰ লগতে ৰাজহ চক্ৰ বিষয়া সকলৰ উপস্থিতিত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ভালেসংখ্যক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে ব্যক্তিগত চিকিৎসালয় সমূহত ক’ভিড-১৯ -ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সুকীয়া ক’ভিড কেয়াৰ ৱাৰ্ড তথা অক্সিজেনৰ পৰ্য্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত উপায়ুক্তই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা কন্টেইনমেণ্ট জ’নৰ আবাসীৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ সৈতে ক’ভিড ছাপৰ্ট কীট প্ৰদান কৰা সন্দৰ্ভত চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱক সকল, আপদা মিত্ৰ আদিৰ সহায়ত ক’ভিড-১৯ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লগতে অন্যান্য আনুষংগিক সেৱাৰ লগত জড়িত কৰাৰ পোষকতা কৰে। বৈঠকত উপায়ুক্তই শিৱসাগৰ ৰটাৰী ক্লাৱৰ সহযোগত কন্টেইনমেণ্ট জ’নত থকা ক’ভিড ৰোগীক মানসিকভাৱে সবল কৰাৰ স্বাৰ্থত এক হেল্প লাইন সেৱা মুকলি কৰাৰ কথা উল্লেখ কৰে। ৰটাৰী ক্লাৱৰ ক’ভিড-১৯ হেল্পলাইন চাৰ্ভিছ ডেস্কৰ (মোবাইল নম্বৰ- ৮৮২২৭৬৩৭৮৫ আৰু ৮৮২২০৪৫৩৪৩) এই সেৱা দিনৰ ১০:০০ বজাৰ পৰা ৰাতি ১০:০০ বজালৈ উপলব্ধ কৰা হৈছে। তেওঁ লগতে জিলা নিয়ন্ত্ৰণ কক্ষ (মোবাইল নম্বৰ ৮৪৭১৮৬৪৩৫৫ আৰু টোল ফ্রী নম্বৰ ১০৭৭) ৰ লগতে স্বাস্থ্য বিভাগৰ দ্বাৰা প্রদান কৰা মোবাইল নম্বৰ ৯১০১৪১৯৯৯০, ৯৫৭৭৯৩০৬১৯ আৰু ৭০০২৪৪০৮৭৩ ত জনসাধাৰণৰক ক’ভিড-১৯ সংক্ৰান্তীয় সেৱাৰ বাবে যোগাযোগ কৰিবলৈ আহ্বান জনায়। বৈঠকত উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক আসাম এয়াৰ প্ৰডাক্ট (Assam Air Product)-সৈতে যোগাযোগ কৰি জিলাখনত পৰ্যাপ্ত অক্সিজেন মজুত ৰাখিবলৈ আহ্বান জনায়। তেওঁ লগতে ক’ভিড-১৯ পৰীক্ষণ আৰু ভেকচিন প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ পোষকতা কৰে। তেওঁ ৰাজহ চক্ৰ বিষয়া সকলক প্ৰয়োজন সাপেক্ষে কন্টেইনমেণ্ট জ’ন আৰু বাফাৰ জ’ন ঘোষণা কৰি এই সমূহত ক’ভিড প্ৰট’কল মানি চলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই সমূহ জনসাধাৰণক ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ লক্ষ্যৰে শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা নীতি-নিৰ্দেশনা সমূহ কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here