সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ হাফিজুল গোট আৰু শ্বাহনৱাজ গোট একত্ৰিত

0
8

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ হাফিজুল গোট আৰু শ্বাহনৱাজ গোট একত্ৰিত

দুৰ্নীতিৰ দৰ্পণ হাউলী ষ্টাফ ৰিপৰ্টাৰ মনজিৎ দাস ২৮ জুনঃ বৰপেটা জিলাৰ চেঙাত আজি একত্ৰিত হয় সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘদিন ধৰি বিভাজিত হৈ অহা দুয়োটা গোট । সম্প্ৰতি গৰিয়া মৰিয়া দেশী সকলৰ সৰ্বাঙ্গীণ বিকাশৰ স্বাৰ্থত আৰু গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা পূৰ্বৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদৰ আহ্বানৰ প্ৰতি সহাৰি জনাই একত্ৰিত হয় দুয়োটা গোটৰ উপস্থিতিত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় । গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে সভাপতিত্ব কৰা উক্ত উমৈহতীয়া প্ৰতিনিধি সভাত দুয়োটা গোট একত্ৰিত হোৱাৰ লগতে শ্বাহনৱাজ হুছেইনক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় । পৰৱৰ্তী সময়ত কোভিড পৰিস্থিতি উন্নত হলে প্ৰতিনিধি সভা অনুষ্ঠিত কৰি এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাত । উল্লেখ্য যে, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ একাংশ নেতাৰ মাজত হোৱা মত-বিৰোধৰ বাবে গঠন হৈছিল দুটা গোট অৰ্থাৎ দুখন কেন্দ্ৰীয় সমিতি । অৱশেষত দুয়োটা গোটৰ মাজত থকা মতানক্য সমাপ্ত পেলাই হাফিজুল আহমেদৰ নেতৃত্বত আজি বৰপেটা জিলাৰ চেঙাত এক বিশেষ সভাত মিলিত হয় দুয়োটা গোটৰ হৈ হাফিজুল আহমেদ আৰু শ্বাহনৱাজ হুছেইনৰ লগতে দুয়োটা গোটৰ প্ৰতিনিধি সকল । আৰু এই সভাত দুয়োটা গোটৰ মাজত থকা পূৰ্বৰ মতানক্য সমাপ্ত পেলাই গৰিয়া মৰিয়া দেশী সকলৰ সৰ্বাঙ্গীণ উন্নয়নৰ হকে একত্ৰিত হৈ কাম কৰাৰ বাবে দুয়োটা গোটে সংকল্পবদ্ধ হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here