সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস পালন , শ্বহীদ পৰিয়াল দুটিৰ সংস্থাপন সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান আছুৰ উপ-সভাপতি উৎপল শৰ্মাৰ

0
4

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস পালন , শ্বহীদ পৰিয়াল দুটিৰ সংস্থাপন সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান আছুৰ উপ-সভাপতি উৎপল শৰ্মাৰ , শ্বহীদ পৰিয়ালক সংস্থাপন প্ৰদানৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , ষ্টাফ ৰিৰ্পটাৰ , মৰিগাঁও , ১০ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি মৰিগাঁতো ছাত্ৰ সংহতি দিৱস পালন কৰা হয়।সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও জিলাৰ ভূৰবন্ধা অঞ্চলত আজি এই ছাত্ৰ সংহতি দিৱসটি জিলাভিত্তিত অনুষ্ঠিত কৰে । ভূৰবন্ধা অঞ্চলত প্ৰত্যেক বছৰে ৰাইজৰ ব্যাপক অংশগ্ৰহণৰে সৈতে এই দিৱসটি পালন কৰা হয় যদিও ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত এই বৰ্ষত অনুষ্টুপীয়াকৈয়ে পালন কৰা হয় ছাত্ৰ সংহতি দিৱস । ৰাতিপুৱাই পতাকা উত্তোলন কৰে জিলা ছাত্র সন্থাৰ সভাপতি দীপুল কুমাৰ নাথে,শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধীয়ে । শ্বহীদ গজেন ইংতি আৰু পুতুল শ‌ইকীয়াৰ সমাধিতলত বন্তি প্ৰজ্জ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মাই । তাৰ পিছতেই শ্বহীদ পৰিয়ালবৰ্গক জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰতিবছৰৰ দৰেই এইবছৰো ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় ভকতসকলৰ দ্বাৰা শ্বহীদদ্বয়ৰ ৰাজহুৱা বাৰ্ষিক শ্ৰাৰ্দ্ধভাগৰো আয়োজন কৰা হয় । উল্লেখ্য যে , ১৯৭৪ চনৰ ঐতিহাসিক খাদ্য আন্দোলনত আজিৰ দিনটোতেই মৰিগাঁও জিলাৰ ভূৰবন্ধাত দুজনকৈ কিশোৰ গজেন ইংতি আৰু পুতুল শ‌ইকীয়াই শ্বহীদবৰণ কৰিছিল । তেতিয়াৰ পৰাই প্ৰতিবছৰে ১০ জুন তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে । ইফালে,সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে-ছাত্ৰ সংহতি দিৱসটি জাতিটোৰ স্বাৰ্থত অসমৰ ছাত্ৰ সমাজে ৰাইজক লগত লৈ ঐক্যবদ্ধ সংগ্ৰাম কৰি যোৱাৰ সংকল্প লোৱাৰ দিন । শ্বহীদদ্বয়ৰ আত্মত্যাগে অনাগত প্ৰজন্মক সংগ্ৰাম কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে,যোগাই যাব । জাতিটোৰ বাবে ত্যাগ কৰা এই শ্বহীদসকলৰ পৰিয়ালবৰ্গক সংস্থাপন দিয়াটো চৰকাৰৰ কৰ্তব্য । ছাত্ৰ সন্থাই শ্বহীদ পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় । দিৱসটিত অংশলৈ আছুৰ উপ-সভাপতি উৎপল শৰ্মাই কয় যে-খাদ্য আন্দোলনৰ মূল ধাৰণাটোৱেই আছিল অৰ্থনৈতিক সংস্কাৰৰ ওপৰত প্ৰতিষ্ঠিত । আজিৰ তাৰিখতো অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ ধাৰণা অত্যন্ত প্ৰাসংগিক । খাদ্য আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ গজেন ইংতি আৰু পুতুল শ‌ইকীয়াৰ ত্যাগ অথলে যাবলৈ দিয়া নহ’ব । অসমত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন এটি আগবঢ়াই নিবলৈ ছাত্ৰ সন্থা প্ৰতিশ্ৰুতিবদ্ধ । লগতে ছাত্ৰ নেতাগৰাকীয়ে শ্বহীদ পৰিয়াল দুটিৰ সংস্থাপন সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত ল’বলৈ মুখ্যমন্ত্ৰীলৈ ৰাজহুৱা আহ্বান জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here