স্মাৰ্ট অসম আৰক্ষীৰ স্মাৰ্টনেচ উদঙালে স্মাৰ্ট চুৰে , তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই বাইক চুৰি

0
11

স্মাৰ্ট অসম আৰক্ষীৰ স্মাৰ্টনেচ উদঙালে স্মাৰ্ট চুৰে , তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰৰ পৰাই বাইক চুৰি

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক তামুলপুৰ , ৬ জুলাই ঃ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক সজাগ আৰু শক্তিশালী ৰূপত প্ৰতিস্থা কৰিব বিচাৰি আছে , তেনে সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলা স্বৰূপ ওলাই পৰিছে । যি সময়ত আৰক্ষীৰ ওচৰত সাধাৰণ জনতাই সুৰক্ষিত অনুভৱ কৰে , তেনে সময়তেই তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে সংঘটিত হৈছে চুৰি কাৰ্য্য । জানিব পৰা মতে- যোৱা কিছুদিন আগতে তামুলপুৰৰ এঘাৰ মাইলত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাৰ ফলত তামুলপুৰ আৰক্ষীয়ে এ এছ ২৮ এ ৮৯১৫ আৰু এ এছ ০১ বি.ডি ৮১২৪ নম্বৰৰ বাইক দুখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে । আজি সম্পূৰ্ণ নথিপত্ৰ লগত লৈ বাইকৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহে । তাৰেই এখন বাইক এ এছ ৩৮ এ ৮৯১৫ নম্বৰৰ আৰ ১৫ বাইকখন তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই চুৰি হয়। ২৪ ঘন্টাই থানা চৌহদত পহৰা থকাৰ পিছতো কিদৰে সংঘটিত হবলৈ পালে সমগ্ৰ আৰক্ষী বিভাগক লজ্জানত কৰা এই চুৰী কাৰ্য ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here