সৰুক্ষেত্ৰী সমষ্টিৰ এন এছ ইউ আই’ৰ উদ্যোগত মাস্ক বিতৰণ

0
8

সৰুক্ষেত্ৰী সমষ্টিৰ এন এছ ইউ আই’ৰ উদ্যোগত মাস্ক বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক হাউলী , ৭ মেঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টি তথা সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত সৰুক্ষেত্ৰী আঞ্চলিক বজাৰ বৰমাৰাত সৰুক্ষেত্ৰী সমষ্টিৰ এন এছ ইউ আইৰ উদ্যোগত আজি মাস্ক বিতৰণ কৰা হয় । সৰুক্ষেত্ৰী সমষ্টিৰ এন এছ ইউ আইৰ সভাপতি আশ্ৰফুল আলাম আলিয়ে সকলো ৰাইজক সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় । উক্ত মাস্ক বিতৰণ কাৰ্য্যসূচীত ১৮ নং মণ্ডল এন এছ ইউ আইৰ সভাপতি আশ্ৰফুল হুছেইন , সদস্য নাজিমুল আলী, শ্বাহনাজ আলি, ছাহাদত আলি, ছানিদুল আলিয়ে উপস্থিত থাকে । কভিডৰ সমূহ ৰাইজক অধিক সজাগ আৰু সচেতন হবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here