হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই অনুস্থিত কৰা মুকলি বিহুত বৰষা ৰাণী বিষয়া

0
12

হাঁহচৰাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই অনুস্থিত কৰা মুকলি বিহুত বৰষা ৰাণী বিষয়া

দুৰ্নীতিৰ দৰ্পণ সেৱা , শিৱসাগৰ , ১৭ এপ্ৰিল : অসমীয়া জন-জীৱনৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন ৰঙালী বিহু এতিয়া অসমৰ বিভিন্ন স্থানত উদ্‌যাপিত হৈছে । তাৰ সমান্তৰালকৈ শিৱসাগৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, হাঁহচৰা আঞ্চলিৰ উদ্যোগত ১৬ এপ্ৰিলত দিযোৰা কাৰ্যসূচীৰে “মুকলি বিহু” অনুস্থিত হৈছে । পুৱাৰ ভাগতে গছ পুলি ৰোপন,পতাকা উত্তোলন, কণী যুঁজ আৰম্ভ হয় । বিয়লীৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচীৰ ভিতৰত কেইবাযোৰা হুঁচৰি,জেংবিহু,দলীয় নৃত্য,কণ মানি এগৰাকী ছোৱালী বিহু নাচ পৰিৱেশ কৰাৰ উপৰিও শিৱসাগৰে ছোৱালীৰ হুঁচৰি প্ৰদৰ্শন কৰে । এই সমূহ কাৰ্যসূচীৰ আঁত ধৰে অভিনেত্ৰী নীৰ্মালী বাইলুঙে । চলচিত্ৰ জগতৰ খ্যাতনামা মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰৰ্দশন কৰি দৰ্শক মুগ্ধ কৰাৰ লগতে কণ্ঠ শিল্পী মিলন মিলিয়ে গীত পৰিবেশন কৰি নৱ প্ৰজন্মক আপ্লুত কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here