হালাকুৰা আৰু গোলকগঞ্জত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘাট

0
10

হালাকুৰা আৰু গোলকগঞ্জত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘাট

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলতাফ হোছেইন ,গোলকগঞ্জ , ১১ জুনঃ ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত হালাকুৰা এন আৰ এল পেট্ৰল পাম্পৰ চৌহদত আজি আগমনি ব্লক কংগ্ৰেছৰ উদ্যোগত পেট্ৰোল,ডিজেল,ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । উক্ত কাৰ্যসূচীত গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ , আগমনি ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি আতোৱাৰ ৰহমান , আগমনি জিলা পৰিষদৰ সদস্যা জ্যোতি ৰেখা ৰায় সৰকাৰ প্ৰমূখ্যে ব্লক আৰু জিলা পৰ্যায়ৰ বহু নেতা কৰ্মী উপস্থিত থাকে । প্ৰতিবাদী কাৰীয়ে বিজেপি চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী হায় হায় , পেট্ৰল ডিজিলৰ মূল্য বৃদ্ধি ৰোধ কৰক , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । একেদৰে গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো গোলকগঞ্জ পেট্ৰোল পাম্পৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত ধৰ্মঘট কাৰ্যসূচীত গোলকগঞ্জ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি খগেন্দ্ৰ নাথ ৰায়ৰ লগতে যুব কংগ্ৰেছ,সেৱাদল, ইয়ং ব্ৰিগেড, ছোচিয়াল মিডিয়া, মণ্ডল কংগ্ৰেছ সকলো শাখা সংগঠনৰ মুৰব্বী সকল,বুথ কমিটিৰ সভাপতি সকল লগতে বিষয়ববীয়া আৰু কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক আৰু বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here