হোজাইৰ তিনি সমষ্টিত অধিকাংশৰ আমানতৰ ধন বাজেয়াপ্ত: তেৰ জন প্ৰাৰ্থীয়ে নাপালে এহেজাৰ ভোট

0
26

হোজাইৰ তিনি সমষ্টিত অধিকাংশৰ আমানতৰ ধন বাজেয়াপ্ত: তেৰ জন প্ৰাৰ্থীয়ে নাপালে এহেজাৰ ভোট

ছাদিকুজ জামান মোৰাঝাৰ ৩ মে: হোজাই জিলাৰ তিনিটা সমষ্টিত ভোটগননা জিলা সদৰ শংকৰদেৱ নগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত স্থাপিত তিনি গণনা কক্ষত অনুষ্ঠিত হৈ যায়। হোজাইৰ তিনি সমষ্টিৰ মুঠ ২৬ জন প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। ইয়াৰ ৯০ নং যমুনামুখ বিধানসভা সমষ্টিৰ মুঠ ১৪ জন প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী এ আই ইউ ডি এফ ৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমল জয়ী হয়। ৯১ নং হোজাই সমষ্টিত মুঠ পাঁচজন প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ ৰাম কৃষ্ণ ঘোষ জয়ী হয়। তেওঁ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী দেৱব্ৰত সাহাক পৰাজিত কৰে। জিলাখনৰ ৯২ নং লামডিং বিধানসভা সমষ্টিৰ ছয় গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ শিবু মিশ্ৰই মহাজোটৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰক পৰাজিত কৰে। উল্লেখ্য যে, হোজাইৰ তিনি সমষ্টিত মুঠ ৬৯৯৭৪১ জন ভোটাৰৰ ৩৫৯৩৮৮ জন পুৰুষ, ৩৪০৩৫৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ইয়াৰ ভিতৰত ২৯০১৪৫ জন পুৰুষ আৰু ২৯১৬২১ গৰাকী মহিলাই ভোটদান কৰিছিল। জিলাখনৰ তিনিটা সমষ্টিত ভিতৰত ৯০ নং যমুনামুখ সমষ্টিৰ মুঠ ভোটাৰ হল ২২১৮৩১জন। এই সমষ্টিত এইবাৰ মুঠ ১৮৬১৩৫ জনে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে বিজয়ী প্ৰাৰ্থী চিৰাজুদ্দিন অজমলে ১৩৬১৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জনে ১৮২৫৯ টা ভোট লাভ কৰে। এই সমষ্টিৰ অধিকাংশ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়। এই সমষ্টিত দিলোৱাৰা বেগম চৌধূৰী (নিৰ্দলীয়) য়ে ১৭৯১১টা , নুৰ আহমেদ (নিৰ্দলীয়)ই ৫০৮, আব্দুল কাদিৰ (নিৰ্দলীয়)য়ে ২১৩টা ৰেজুৱান আহমেদ (সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ)য়ে ১৩৮৬টা চিৰাজ উদ্দিন (নিৰ্দলীয়)য়ে ৩৮১, বদৰউদ্দিন(নিৰ্দলীয়) য়ে ৩৩৬১টা, আব্দুল মালিক বৰভূঞা (নিৰ্দলীয়) ২৮৭, হৰি মোহন দাস,(নিৰ্দলীয়)য়ে ১৬৫২ মহম্মদ নাছিৰ উদ্দিন লস্কৰ,(নিৰ্দলীয়)য়ে ৫৯৫টা গৌৰি কোৱঁৰ (নিৰ্দলীয়)য়ে ৩৬৯টা, জাহিৰুল ইছলাম লস্কৰ, জনতা দল ইউনাইটেড ৰ ২৪৫ আৰু অসম জাতীয় পৰিষদৰ বদৰুল হকে ৩২৭৫ টা ভোট লাভ কৰাৰ বিপৰীতে ১৫৮৭ টা ভোট নতাত পৰে। জিলাখনৰ সদৰ সমষ্টি ৯১ নং হোজাইত মুঠ ২২১৩৩১ জনে ভোটদান কৰে ইয়াৰে বিজয়ী প্ৰাৰ্থী বিজেপিৰ ৰাম কৃষ্ণ ঘোষে ১২৫২৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে মহাজোটৰ প্ৰাৰ্থী কংগ্ৰেছৰ দেৱব্ৰত সাহায় ৯১৭৮৯ টা ভোট লাভ কৰে। হোজাই বিধানসভা সমষ্টিৰ বাকী প্ৰাৰ্থী ক্ৰমে ৰাজ কুমাৰ গুপ্তা, (লোক ৰক্ষা পাৰ্টী) ৰ ১১৩১টা, দুলাল সুত্ৰধৰ (নিৰ্দলীয় )ই ৭২৪ নিৰ্দলীয় নজমুল হুছেইন লস্কৰে ৭০৮ টা ভোট লাভ কৰাৰ বিপৰীতে ১৭২০ টা ভোট নটাত পৰে। হোজাই জিলাৰ ৯২ নং লামডিং সমষ্টিৰ মুঠ ভোটাৰৰ ২১২১১৫ জনৰ ভিতৰত ১৭৪২৯৯ জনে ভোটদান কৰিছিল ইয়াৰে বিজয়ী প্ৰাৰ্থী বিজেপিৰ শিবু মিশ্ৰই ৮৮৯৪৪ টা ভোট লাভ কৰাৰ বিপৰীতে মহাজোটৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰে ৭৭২৬৩ টা ভোট লাভ কৰে। লামডিং বিধানসভা সমষ্টিৰ বাকী প্ৰাৰ্থী সকল ক্ৰমে টুটু আচাৰ্য, (সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ)ই ৯২৭, মৌচুমী শৰ্মা বেজবৰুৱা (অসম জাতীয় পৰিষদ)ই ৩২৫১, ছৈয়দ হুছেইন বৰভূঞা,(নিৰ্দলীয়) ই ৯৯৩ টা ইসটিকাৰ আহমেদ,(নিৰ্দলীয়) ই ৬৯৬ টা আৰু নিৰ্দলীয় উজ্জ্বল দেবে ৭২৯ টা ভোট লাভ কৰাৰ বিপৰীতে ১৪৮৩ টা ভোট নটাত পৰে। উল্লেখ্য যে হোজাইৰ তিনি সমষ্টিৰ তেৰ জন প্ৰাৰ্থীয়ে এহেজাৰ ভোটো লাভ নকৰি আমানতৰ ধন হেৰুৱাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here