ৰঙাপৰাত বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাতীৰ ২২১৫৬ টা ভোটৰ ব্যবধানত কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয় লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা , ২ মে : শোণিতপুৰ জিলা অন্তৰ্গত ৰঙাপৰা বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কৃষ্ণ কমল তাতীৰ বিজয় লাভ । আজি শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ত পুৱা সাত বজাৰ পৰাই অনুষ্ঠিত কৰা হৈছিল ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ ভোট গননা । ৰঙাপৰা সমষ্টিৰ পৰা ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল । ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল কৃষ্ণ কমল তাতী , কংগ্ৰেছ দলৰ পৰা ৰঙাপৰা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা , অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল প্ৰাক্তন ছাত্ৰ নেতা অজয় তাতী , ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল জিতেন্দ্ৰ কুমাৰ শৰ্মা , ৰাইজৰ দলৰ পৰা বিজয় তিৰ্কী , জনতা দল ইউনাইটেডৰ পৰা আব্দুল জলিল আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল মেথিও তপ্ন । কিন্তু ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিৰ মুল নিৰ্বাচনী যুজখন অনুষ্ঠিত হল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কৃষ্ণ কমল তাতী আৰু কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাৰ মাজত । ১৭ ৰাউণ্ডত হিচাপ কৰা হৈছিল এই গননা । অবশেশত ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাতীয়ে কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাক ২২১৫৬ ভোটৰ ব্যবধানত পৰাস্ত কৰে । আনহাতে , কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাই লাভ কৰে ৪৭৬০৯ টা ভোট ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here