ৰঙিয়াত ড্ৰাগছ বিৰোধী অভিযান, বিজেপি নেতাসহ আটক পাঁচজন

0
9

ৰঙিয়াত ড্ৰাগছ বিৰোধী অভিযান, বিজেপি নেতাসহ আটক পাঁচজন

ষ্টাফ ৰিপʼৰ্টাৰ , ৰঙিয়া , ১২ জুনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ইতিমধ্যেই সমগ্ৰ অসমত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটক হৈছে বহু ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰী । কামৰূপ জিলাৰ ৰঙিয়াতো আৰক্ষীৰ অভিযানত আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰী , শুকুৰবাৰে নিশাও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ নিকটৱৰ্তী পিতাম্বৰ হাটবজজলী , জয়ন্তিপুৰ আৰু উদিয়য়নাৰ পৰা পাচজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে প্ৰদীপ চৌধুৰী , ৰুবুল আলী , আপচাৰ আলী , জেহৰুল হক আৰু চায়েদুৰ ৰহমান । লক্ষণীয় কথাটো হʼল আৰিমত্ত পঞ্চায়তৰ অন্তৰ্গত ৬৪ নং বুথৰ বিজেপি দলৰ সভাপতি তথা প্ৰতিনিয়ত বিজেপিৰ একাংশ প্ৰভাবশালী নেতা মন্ত্ৰী তথা সাংসদৰ ঘণিষ্ঠ বুলি পৰিচয় দি অহা প্ৰদীপ চৌধুৰী এই মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত । এই ঘটনাই বৰ্তমান বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰঙিয়াবাসীৰ মনত । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে আজি দিনৰ ভাগত স্বাস্থ্যপৰীক্ষা কৰি আদালতত হাজিৰ কৰিবলৈ নিয়াৰ আগমুহুৰ্তত তেওঁলোকৰ পৰিয়ালৰ লোকসকলে থানা চৌহদতেই আৰক্ষীৰ গাড়ীক বাট আগচি ধৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে , যাৰ ফলত সামান্য হতাহতিৰো সৃষ্টি হয় । পিচত পৰিস্থিতি কিছু শাম কাটে যদিও এক চেপা উত্তেজনাই বিৰাজ কৰে । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসে জনোৱা মতে ইতিপূৰ্বেই ৰুজু হৈ থকা গোচৰ নং ৫৬०/২১ ৰ ভিত্তিত এই লোক সকলক আটক কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত আটাইকেইজন ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হব । ৰঙিয়া আৰক্ষীৰ এই সফলতাত ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক অতিশীঘ্ৰেই আটক কৰিবলৈ দাবী জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here