ৰঙিয়াত দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ উদ্যোগত সজাগতামূলক অভিযান

0
11

ৰঙিয়াত দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ উদ্যোগত সজাগতামূলক অভিযান

ষ্টাফ ৰিপʼৰ্টাৰ , ৰঙিয়া , ১০ জুনঃ ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ(ASDMA) উদ্যোগত আৰু কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ(DDMA,KAMRUP),জিলা জনসংযোগ বিভাগৰ লগতে ৰঙিয়া মহকুমা চক্ৰ বিষয়াৰ সহযোগত জনসাধাৰণৰ মাজত সজাগতা মূলক অভিযান অনুষ্ঠিত হয় । বুধবাৰে দিনৰ ভাগত আৰম্ভ হোৱা উক্ত সজাগতামূলক অভিযানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভাগৰ দ্বাৰা পঞ্জীয়নভুক্ত তথা নিৰ্বাচিত কিছু প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱকেও সহায় সহযোগিতা আগবঢ়ায় । উক্ত সজাগতামূলক অভিযান কাৰ্যসূচীত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বুঢ়াগোহাঁই,কামৰূপ জিলা প্ৰশাসনৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকাকতী , আৰু বিভাগীয় বিষয়ববীয়াৰ লগতে জিলা জনসংযোগ বিভাগৰ বিষয়া সকল উপস্থিত থাকে । এই অভিযানৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল ক’ভিড-১৯ মহামাৰীৰ পৰা জনসাধাৰণক কেনেকৈ সজাগতাৰ জৰিয়তে সুৰক্ষিত কৰিব পাৰি , তাৰে এক প্ৰচেষ্টা । এই সজাগতা অভিযানৰ দ্বাৰা ৰঙিয়া চহৰৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণক ক’ভিড-১৯ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে বিনামূলীয়াকৈ মাস্ক বিতৰণ,সজাগতামূলক পত্ৰিকা বিতৰণৰ লগতে জনসাধাৰণৰ লগত মত বিনিময়ৰ জৰিয়তে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় । ৰাইজে এই কাৰ্য্যসূচীৰ শলাঁগ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here