ৰঙিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক,উপস্থিত বিধায়ক ভবেশ কলিতা

0
11

ৰঙিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক,উপস্থিত বিধায়ক ভবেশ কলিতা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙিয়া , ১৪ জুনঃ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ লগতে পঞ্চায়ত সমূহত অব্যাহত থকা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ খতিয়ান ল’বলৈ ৰঙিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কালি ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই এখনি পৰ্যালোচনা সভাৰ আহ্বান কৰে। উক্ত সভাত ৰঙিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত , কামৰূপ জিলা পৰিষদৰ সদস্য লিটন কলিতা,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস আৰু বিভিন্ন পঞ্চায়তৰ বিষয়-ববীয়াৰ লগতে পঞ্চায়ত সমূহত নিয়োজিত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে । সভাত ৰঙিয়া সমষ্টিৰ বিধায়ক কলিতা পঞ্চায়তৰ বিষয়-ববীয়া সকলৰ পৰা আঁচনি সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে আচঁনিসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । তদুপৰি,তেখেতে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ হ’বলগীয়া বজাৰ গৃহটোৰ বাবে খণ্ড উন্নয়ন বিষয়া,পঞ্চায়ত সমূহৰ বিষয়-ববীয়া আৰু অভিযন্তা সকলৰ সৈতে আলাপ-আলোচনা কৰাৰ লগতে উক্ত স্থান পৰিদৰ্শন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here