ৰঙিয়া হাছানটুকট বৰলীয়া নৈৰ তীব্ৰ গৰাখহনীয়া , নৈৰ বুকুট জাহ গ’ল কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ

0
5

ৰঙিয়া হাছানটুকট বৰলীয়া নৈৰ তীব্ৰ গৰাখহনীয়া , নৈৰ বুকুট জাহ গ’ল কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ

ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ১১ জুনঃ বাৰিষা সমাগত আৰু এই বাৰিষাৰ আৰম্ভণিতে চপৰা-চপৰে খহিবলৈ ধৰিছে ৰঙিয়াৰ নিকটৱৰ্তী হাচানটুক গাঁৱৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ বুকু । বছৰ বছৰ ধৰি হৈ অহা গৰাখহনীয়াৰ সমস্যাই একপ্ৰকাৰ সৰ্বস্বান্ত কৰি তুলিছে হাছানটুকুৰ কেইবাটাও পৰিয়ালক । কান সাৰ নাই বিয়াগোম জলসম্পদ বিভাগৰ । মাথো কেইটামান পাৰ্কুপাইন বহুৱাই দায়িত্ব সামৰাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়াল কেইটাই । বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে বুলি আক্ষেপেৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । এইবাৰো বাৰিষাৰ আৰম্ভণিতে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ , সা-সম্পত্তি জাহ যোৱাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে পৰিয়ালৰ সদস্য সকলে । বৰ্তমান পৰিয়াল কেইটাৰ অৱশিষ্ট সা-সম্পত্তি খিনিও নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । অকল সেয়াই নহয় , দিন হাজিৰা কৰি কোনোমতে পৰিয়াল কেইটাক পোহ-পাল দিয়া দৰিদ্ৰ লোক কেইজনৰ কৃষি কৰ্ম কৰা ভূমি খিনিও আনকি নৈৰ বুকুত বিলীন হৈছে । এই পৰ্যন্ত এক প্ৰকাৰ নিৰুপায় হৈ পৰা দৰিদ্ৰ পৰিয়াল কেইটাৰ খৱৰ লবলৈ আহৰি পোৱা নাই জনপ্ৰতিনিধি কিম্বা চৰকাৰী বিষয়াই । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ এক স্থায়ী সমাধান কৰিবলৈ কৰ জোৰে অনুৰোধ জনাইছে গাওঁখনৰ বাসিন্দাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here