জামুগুৰিহাটৰ চাৰিপুখুৰিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ , মানুহৰ ঘৰত সোমাই খাইছিল হাঁহ , কুকুৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চাৰিপুখুৰীত আজি দিনৰ ১০ মান বজাত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় । গাঁও খনৰ গুপ্ত বনিয়াৰ বাসগৃহৰ ভিতৰত সোমোৱা প্ৰায় ২০ কেজি ওজনৰ অজগৰ দাল উদ্ধাৰ কৰে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী গনেশ মুণ্ডাই । প্ৰায় দহ ফুট দীঘল অজগৰ ডাল পিছত ডিপলোঙা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বনকৰ্মী সকলক চমজাই দিয়ে । বন বিভাগৰ লোকে অজগৰ ডাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here