ডবকাত নিশা বাট আগুচি সাংবাদিকক আক্ৰমণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নিউজ ডেক্স , ধুবুৰী , ২৮ এপ্ৰিলঃ ডবকাত নিশা বাট আগুচি সাংবাদিকক আক্ৰমণ কৰে বুলি বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে , নিশা ১১ বজাত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণি মতে , দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক গৰাকীৰ নাম হবিবুৰ ৰহমান ৷ ডবকাৰ পৰা উদমাৰীৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত ডবকা-ডিফু ৰোডত সংঘটিত হয় আক্ৰমণৰ ঘটনা ৷ স্থানীয় লোকে আহত সাংবাদিকজনক উদ্ধাৰ কৰি ডবকা চিকিৎসালয়ত ভৰ্তি কৰে । মূৰ আৰু বুকুত আঘাত পোৱা বাবে নিশাই হোজাইৰ হাম হস্পিটেললৈ ৰেফাৰ কৰা হয় আহত সাংবাদিকজনক ৷ ডবকাৰ নমাটি পঞ্চায়তৰ সংঘটিত দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই আক্ৰমণ কৰে সাংবাদিকজনক।চাৰিদিন পূৰ্বে ডবকাৰ গনিপুৰ বাইপাচত আক্ৰমণৰ চেষ্টা কৰিছিল নমাটি পঞ্চায়তৰ সভানেত্ৰীৰ আত্মীয়ই । যোৱা নিশা সাংবাদিকজন নিজ ঘৰলৈ গৈ থকা অৱস্থাত নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাট আগুচি প্ৰহাৰ কৰে সভানেত্ৰী নাজিমা বেগমৰ আত্মীয়ই । হোজাই জিলা আছুৰ নেতা চাদ্দাম হুছেইন তালুকদাৰ আৰু অসম জাতীয় যুৱ পৰিষদৰ হোজাই জিলা সমিতিৰ উপ সভাপতি মাৰুফ আলমৰ নেতৃত্বত চলিছিল আক্ৰমণ । মনকৰিবলগীয়া যে , ছাদ্দাম হুছেইন তালুকদাৰ আৰু মাৰুফ আলম নামৰ দুই তথাকথিত নেতাৰ বিৰুদ্ধে ইয়াৰ আগতেও বহুতো অপৰাধ জনিত ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে বুলি চৰ্চা চলিছে । চিন্তা কৰিবলগীয়া বিষয় হৈছে যে , এই দুই তথাকথিত নেতাক স্থানীয় আৰক্ষীয়ে ৰক্ষনা বেক্ষণ কিয় দিছে বুলি প্ৰশ্ন উত্থাপন হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here