বৰপেটাত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰামণঃ দিনটোত ৪ জনৰ মৃত্যু

0
21

বৰপেটাত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰামণঃ দিনটোত ৪ জনৰ মৃত্যু

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা-জাহোৰপাম, ৪ মে’: বৰপেটাত কালি ৪ জন কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ এই পৰ্যন্ত জিলাখনৰ ১৫ গৰাকী কোৰোণা আক্ৰান্তৰ মৃত্যু হৈছে ৷ আনহাতে কালি ১১৯ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ জিলাখনত কোৰোণাত আক্ৰান্তৰ সংখ্যা ১২৬৭ জনলৈ বৃদ্ধি পায় ৷ ইপিনে বৰপেটাত মৃত ১৫ গৰাকীৰ ভিতৰত ২১ ৰ পৰা ৩০ ৰ ভিতৰত ১ গৰাকী মহিলা, ৪১ ৰ পৰা ৫০ ৰ ভিতৰত ২ গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা, ৫১ ৰ পৰা ৬০ বছৰৰ ভিতৰত ১গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা, ৬১ ৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰত ৬ গৰাকী পুৰুষ। আনহাতে ৭১ ৰ পৰা ৮০ ৰ ভিতৰত ১ গৰাকী মহিলা আৰু ৮০ বছৰ উৰ্ধৰ ১গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here