অবৈধ গৰু ব্যাৱসায়ৰ বিৰুদ্ধে পাগলাহাট আৰক্ষীৰ অভিযান ,পাগলাহাটত ১৩ টা বহি:ৰাজ্যৰ গৰু আটক

0
7

অবৈধ গৰু ব্যাৱসায়ৰ বিৰুদ্ধে পাগলাহাট আৰক্ষীৰ অভিযান ,পাগলাহাটত ১৩ টা বহি:ৰাজ্যৰ গৰু আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৰুহুল আমিন সেখ , তামাৰহাট , ১৫ জুলাই : গৰুৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে যিমানেই তৎপৰ নহওক কিয় একাংশ অবৈধ গৰু ব্যাৱসায়ী আৰু গো-মাফিয়াই ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ অব্যাহত ৰাখিছে অবৈধ গৰু সৰবাৰহ কাৰ্য্য । যোৱা নিশা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অধিনস্থ পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ আৰক্ষীয়ে অভিযান চলাই দফৰপুৰ গাঁওত ১৩ টা চোৰাং গৰু জব্দ কৰা ঘটনাই তাকেই প্ৰমাণ কৰিলে । অন্যান্য দিনাৰ দৰে যোৱা নিশাও বহি:ৰাজ্যৰ উক্ত ১৩ টা চোৰাং গৰু অবৈধ গৰু ব্যাৱসায়ীয়ে পশ্চিমবঙ্গৰ পৰা আনি গংগাধৰ নদী নাওৰে পাৰ কৰি ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশ অভিমূখে লৈ গৈ আছিল । উক্ত খবৰ লাভ কৰি পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ আৰক্ষীৰ দল এটাই অভিযান চলাই তামাৰহাট থানা তথা পাগলাহাট আৰক্ষী নিৰিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত দফৰ পুৰ গাঁওৰ গড়কাপ্তানী পথত উক্ত চোৰাং গৰু ১৩ টা আটক কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী অহাৰ উমান পাই গৰুৰ লগত থকা গৰু ব্যাৱসায়ী কেইটা আন্ধাৰৰ সুযোগ লৈ পলাই যায় । পিছত আটক কৰা গৰুবোৰ আৰক্ষীয়ে দফৰপুৰত থকা খোৱাৰত জমা দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here