ইটাখোলাত কন্যকা বিপনীৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাৰ মাতৃ ৰামেশ্বৰী হাজৰিকাই

0
8

ইটাখোলাত কন্যকা বিপনীৰ শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাৰ মাতৃ ৰামেশ্বৰী হাজৰিকাই

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১১ জুনঃ চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ মাজমজীয়াত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ উদ্যোগত যি সুস্বাদু দৈ, ক্ৰিম, পনিৰ, মিঠাই, বাটাৰ, ঘিউ, পেড়াৰ লগতে বিভিন্ন সামগ্ৰী বিশুদ্ধতাৰে প্ৰস্তুত কৰা হয় । সেই সুস্বাদু খাদ্য-সামগ্ৰীসমুহৰ লগতে কন্যকা খাটি সৰিয়হৰ তেলৰ বটলৰ বৰ্তমান চতিয়া সমষ্টিৰ লগতে বিভিন্ন প্ৰান্তত কন্যকা বিপনিসমুহ মুকলি কৰে । সেই উদ্দেশ্যে আজি জামুগুৰিহাটৰ ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ মাজমজীয়াত কন্যকা বিপনীৰ ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মাতৃ ৰামেশ্বৰী হাজৰিকাই । উক্ত বিপনিখনি শুভ উন্মোচন কৰি কন্যকাৰ পৰিচালক নিৰজ নিশিম হাজৰিকাই কয় যে , কন্যকাৰ এই বিশেষ বিপনিখনৰ জৰিয়তে এই অঞ্চলৰ লোকসকলে বিশুদ্ধ দৈ, ক্ৰিম, মিঠাই, ঘিউ, বাটাৰৰ লগতে বিভিন্ন মিঠাইসমুহ ক্ৰয় কৰিব পাৰিব । ইয়াৰ উপৰিও অনাগত দিনত টুপিয়া,ৰঙাচকুৱা, বালিজুৰি, ধলাইবিলতো কন্যকা বিপনিৰ মুকলি কৰাৰো সিন্ধান্ত লোৱা হৈছে বুলিও আমাক জানিবলৈ দিয়ে । উক্ত কন্যকা বিপনিখন ইটাখোলা অঞ্চলৰ নিবনুৱা যুৱক পিঙ্কু গায়নৰ । উক্ত শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here